ডুমডুমাৰ পৰা ৰূপম বৰুৱা ৰিপৰ্ট: সদৌ অসম ছাত্ৰ সন্থা—আছুৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ কেইঘণ্টামানৰ পিছতেই ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই পৰিদৰ্শন কৰে ডুমডুমা ৰূপাই চাইডিঙস্থিত অঞ্চল।
📌বিধায়ক ৰূপেশ গোৱালাৰ facebook post ত দেখা গ’ল এনেদৰে লিখা..
আমাৰ সমষ্টি বাসী ৰাইজৰ বহুদিনীয়া দাবী আছিল, অত্যন্ত জৰুৰীভাৱে এখন “Foot Bridge”ৰ। তেওঁলোকৰ এই দাবীৰ প্ৰতি লক্ষ্য ৰাখি আজি Foot Bridge নিৰ্মাণৰ সম্ভাৱনীয়তা থকা ঠাইডোখৰ গড়কাপ্তানী তথা ৰে’লৱে বিভাগৰ কতৃপক্ষৰ সৈতে পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতি বুজ লও।
সমষ্টি বাসী ৰাইজৰ সুবিধা-অসুবিধা সমূহক লৈ মই সদায় সক্ৰিয়।
তেওঁলোকৰ দাবী সমূহ সমূহ পূৰণ কৰাটো একমাত্ৰ লক্ষ্য তথা উদ্দেশ্য।
📌ডুমডুমা মহাবিদ্যালয় আৰু ডনবস্কো হাইস্কুলৰ সন্মুখত যানজঁটৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰ লগতে পথ ইপাৰ-সিপাৰ হোৱাৰ সময়ত দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পোৱাৰ বিষয়টো আছুৱে উত্থাপন কৰি আহিছিল।
📌আছুৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক ৰূপেশ গোৱালাই দুয়োখন শিক্ষানুষ্ঠানৰ কাষত দুখন ফুটব্ৰীজ নিৰ্মাণৰ সম্ভাৱনীয়তা পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে স্থানসমূহ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।
ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে ফুটব্ৰীজ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে। আছুৰ প্ৰতিবাদৰ পিছতেই বিধায়কৰ এই তৎপৰতা বিষয়টোক লৈ নতুন আশাৰ সৃষ্টি কৰিছে।
