Friday, September 11, 2026
Homeঅসমমাজদিয়া-চেঙা-বহৰিত পথ সুৰক্ষাৰ ওপৰত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন

মাজদিয়া-চেঙা-বহৰিত পথ সুৰক্ষাৰ ওপৰত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন

  • মাজদিয়া-চেঙা-বহৰিত পথ সুৰক্ষাৰ ওপৰত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন
  • বৰপেটা জিলা আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ
  • আৰক্ষীৰ তালাচীৰ ভয়ত নহয়; নিজৰ জীৱন সুৰক্ষিত কৰিবলৈ হেলমেট পৰিধান কৰকঃ সঞ্জয় কুমাৰ ৰয়
  • অহংকাৰতেই গাড়ীখন চলাই বাটত থকা মানুহ-গৰু সকলোকে মাৰি ফুৰাৰ উদ্দেশ্য হ’ব নালাগেঃ দেৱযানী গায়ন

তফিকুৰ ৰহমান, সৰ্থেবাৰী, ২৬ আগষ্টঃ

ৰাজ্যখনত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই সময়ে সময়ে বিভিন্ন কৌশল আৰু পদক্ষেপ গ্ৰহণ কৰি আহিছে। পৰিবহন বিভাগৰ লগতে অসম আৰক্ষীয়েও পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাই আহিছে। একেদৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়াস চলাই থকা হৈছে। বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত সম্প্ৰতি চলি আছে পথ সুৰক্ষাৰ ওপৰত সজাগতামূলক কাৰ্যসূচী। বাটৰ নাট প্ৰদৰ্শনেৰে জিলাখনৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষাৰ ওপৰত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰি থকা হৈছে । জিলাখনৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত মাজদিয়া চ’ক-বজাৰ, তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙা চ’ক-বজাৰ আৰু বহৰি বজাৰত আজি প্ৰদৰ্শন কৰা হয় এখনি বাটৰ নাট। অভিনয়ৰ মাধ্যমেৰে পৰিবহন বিভাগৰ নীতি-নিয়মসমূহ ৰাইজক বুজাবলৈও প্ৰয়াস কৰা হৈছে । বাটৰ নাটখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী দেৱযানী গায়ন, জনপ্ৰিয় অভিনেতা ধীৰেশ কুমাৰ দাস, দিগন্ত দাস, সুভাষ দাস, উদ্দীপ্ত দাস আৰু মুকুট পূজাৰীয়ে। আটাইকেইগৰাকী অভিনেতা- অভিনেত্ৰীৰ অভিনয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। নিজৰ জীৱন সুৰক্ষিত কৰিবলৈ দুচকীয়া বাহন চলাওঁতেই চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা, গাড়ী চলাওতে মাদক দ্ৰব্য সেৱন নকৰা, পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি- নিয়ম পালন কৰা আদি বাটৰ নাটৰ জৰিয়তে ৰাইজ তথা নৱপ্ৰজন্মলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। বাটৰ নাটখনৰ জৰিয়তে অভিভাৱকসকলকো সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনোৱা হৈছে। বৰপেটা জিলা আৰক্ষী প্ৰশাসনে পথ সুৰক্ষাৰ ওপৰত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ে জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ে কয় যে- “মানুহে নিজেই যেতিয়ালৈকে সজাগ আৰু সচেতন নহ’ব তেতিয়ালৈকে দুৰ্ঘটনা সংঘটিত হৈয়ে থাকিব। আৰক্ষীৰ তালাচীৰ ভয়ত নহয়; নিজৰ জীৱন সুৰক্ষিত কৰিবলৈ চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰিব লাগে। আমি জনসাধাৰণৰ সুৰক্ষাৰ বাবেহে কাম কৰোঁ। উদণ্ড চালকসকলৰ বাবে বহুতো সময়ত নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ লগতে জীৱ-জন্তুৰো মৃত্যু হৈছে।” অভিনেত্ৰী দেৱযানী গায়নে বাটৰ নাট সমাপ্ত হোৱাৰ পাছত সংবাদ মাধ্যমৰ জৰিয়তেই ৰাইজলৈ আহ্বান জনাই কয় যে- “আমি অকল বৰপেটা বুলিয়েই নহয়, সমগ্ৰ অসমবাসী, সমগ্ৰ ভাৰতবাসীক জনাব বিচাৰিছোঁ যে- মানুহৰ জীৱনটো এবাৰ পোৱাৰ পাছত যদি হেৰাই যায়, দ্বিতীয়বাৰ পোৱা নাযায়। মানুহৰ জীৱনটো খুৱ মূল্যবান। গাড়ীখন আছে বুলিয়েই যে আমি উশৃংখল জীৱন-যাপন কৰিম, অহংকাৰতেই গাড়ীখন চলাই বাটত থকা মানুহ-গৰু সকলোকে মাৰি ফুৰিম এইটো আমাৰ উদ্দেশ্য হ’ব নালাগে। আমাৰ উদ্দেশ্য হ’ব লাগে আধুনিক যুগত যিহেতু বাইকবিলাক ব্যৱহাৰ কৰে,গাড়ী-মটৰবিলাক ব্যৱহাৰ কৰে, আধুনিক যুগৰ উদ্দেশ্যই হৈছে সময়ৰ সঠিক ব্যৱহাৰ, সমাজখন সুশৃংখলভাবে ৰখা আৰু মানুহৰ জীৱন, জীৱ-জন্তুৰ জীৱনক নিৰাপত্তা দিয়া। এই উদ্দেশ্য লৈয়ে আমি বাটৰ নাটৰ জৰিয়তে প্ৰচাৰ চলাইছোঁ।” বাটৰ নাটত অভিনয় কৰা অভিনেতা- অভিনেত্ৰীসকলে বৰপেটা জিলা আৰক্ষীৰ পদক্ষেপৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। মাজদিয়াত প্ৰদৰ্শন কৰা বাটৰ নাট অনুষ্ঠানত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদ উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments