Saturday, September 12, 2026
Homeৰাষ্ট্ৰীয়নেপালত জলপ্ৰলয়

নেপালত জলপ্ৰলয়

  • জলপ্ৰলয়ত নেপালত ভয়ংকৰ পৰিস্থিতি!
  • আকস্মিক বানত সন্ধানহীন ২৯১ বিদেশীৰ ভিতৰত কমেও ১০৫গৰাকীয়েই ভাৰতীয়

কমেও ১০৫ গৰাকী ভাৰতীয় পৰ্যটককে ধৰি মুঠ ২৯১গৰাকী বিদেশী নাগৰিক বুধবাৰে নেপালৰ ৰাছুৱা অঞ্চলত সংঘটিত আকস্মিক বানত সন্ধানহীন হোৱা বুলি তথ্য সদৰী কৰিছে Nepal Tourism Board-এ।
তিব্বতৰ সীমান্তৱৰ্তী মধ্য নেপালৰ দুখন জিলাত ভয়ংকৰ বানত কমেও ৮ গৰাকী লোকৰ মৃত্যু হৈছে। বানৰ ফলত নদীকাষৰীয়া বসতিস্থলসমূহত ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে কমেও ১২টা জলবিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছে।
স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯ বজাত তিব্বতৰ ফালৰ পৰা অহা পানীৰ ঢলে Bhote Koshi নদীত হঠাতে জলস্তৰ বৃদ্ধি কৰে। ইয়াৰ ফলত তিব্বত সীমান্তৱৰ্তী ৰাছুৱা আৰু ধাদিং জিলাৰ লগতে কাঠমাণ্ডুৰ দক্ষিণ-পশ্চিমে অৱস্থিত নুৱাকোট জিলাও ক্ষতিগ্ৰস্ত হয়।
বিষয়াসকলে জনোৱা মতে, ৰাছুৱাত হোৱা বান (Nepal Floods) বৰষুণৰ ফলত হোৱা নাছিল। তিব্বতৰ ফালে হোৱা প্ৰবল বৰষুণ অথবা হিমস্খলনৰ ফলত এই বানৰ সৃষ্টি হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে বানৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
ৰাছুৱা, নুৱাকোট, ধাদিং আৰু চিতৱানকে ধৰি কেইবাখনো নিম্নভূমি জিলাত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে। নেপাল সেনাৰ সহযোগত উদ্ধাৰ আৰু অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে।
ৰাছুৱা জিলাৰ টিমুৰে আৰু ওচৰৰ ছ্যাফ্ৰুবেছি অঞ্চলত হঠাতে পানীৰ ঢল বৃদ্ধি পোৱাত গাড়ী, সামগ্ৰী আৰু অন্যান্য সম্পত্তি উটুৱাই লৈ যায়। নেপাল সেনাই এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে।
কাঠমাণ্ডুৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ উত্তৰ-পূবত আৰু তিব্বত সীমান্তৰ কাষত অৱস্থিত ৰাছুৱা এই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। নুৱাকোট জিলাৰ বিদুৰ পৌৰসভা অঞ্চলৰ পৰা তিনিজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি বাগমতী প্ৰদেশ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই সদৰী কৰিছে।
নেপালৰ National Disaster Risk Reduction and Management Authority-এ ৰাছুৱা, নুৱাকোট, ধাদিং, চিতৱান আৰু গোৰ্খাৰ নদীৰ পাৰৰ বাসিন্দাসকলক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
নেপালৰ জলবিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগৰ মতে, ৰাছুৱাত হোৱা স্থানীয় বৰষুণৰ ফলত এই বান হোৱা নাছিল। বিভাগটোৰ তথ্য বিষয়া দিনকৰ কায়স্থই কয় যে বানৰ কাৰণ এতিয়াও অধ্যয়ন কৰি থকা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments