Friday, September 11, 2026
Homeঅসমভাৰতীয় সেনা বাহিনীৰ লেফটেনেন্ট হিচাপে নিযুক্তি লাভ অয়ন আবিৰৰ : যোৰহাটলৈ গৌৰৱ

ভাৰতীয় সেনা বাহিনীৰ লেফটেনেন্ট হিচাপে নিযুক্তি লাভ অয়ন আবিৰৰ : যোৰহাটলৈ গৌৰৱ

শণিবাৰে গোৱাত অনুস্থিত আৰতীয় সেনা বাহিনীৰ পেৰেড আউটত লেফটেনেন্ট হিচাপে নিযুক্তি লাভ কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে যোৰহাটৰ সন্তান অয়ন আবিৰ শৰ্মাই | এবছৰ পূৰ্বে এছ এছ বি পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন্ন হোৱাৰ পিছত ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভুক্ত হয় আৰু সেনা বাহিনীৰ এবছৰীয়া কঠোৰ অনুশীলন আৰু প্ৰশিক্ষনৰ অন্তত কালি দীক্ষান্ত অনুস্থানত আনুস্থানিক ভাৱে ভাৰতীয় সেনা বাহিনীৰ সন্মানীয় লেফটেনেন্ট পদত নিযুক্তি লাভ কৰে অয়নে | উল্লেখযোগ্য যে ২০১৮ চনত যোৰহাট ডনবস্ক’ বাঘচোংৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উৰ্ত্তীন্ন হোৱা অয়নে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিস্থানৰ পৰা ইলেকট্ৰনিকচ বিভাগত অভিযন্তা হিচাপে উৰ্ত্তীন্ন হয় |যোৰহাট তৰাজান ব্রাহ্মন গাওঁৰ বাসিন্দা টোকলাই চাহ গৱেষনা কেন্দ্ৰৰ কৰ্মচাৰী জয়ন্ত শৰ্মা আৰু হেমলতা মেম’ৰিয়েল স্কুলৰ শিক্ষয়িত্ৰী চিৰঞ্জীতা শৰ্মাৰ পুত্ৰ অয়নে ইঞ্জিনীয়াৰিং পঢ়ি থকা সময়তে ভাৰতীয় বায়ু সেনাৰ লগতে বিভিন্ন সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল | ২০২৪ চনত ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম সম্পুৰ্ণ হোৱাৰ পিছতে সৰুৰে পৰা দেশ মাতৃৰ সেৱাৰ বাবে আগ্ৰহী আছিল বুলি মন্তব্য কৰি অয়নে কয় যে সেনা বাহিনীত যোগদান কৰি নেতৃত্ব দিবলৈ পোৱাতো অতি সৌভাগ্যৰ বিষয় | অসমৰ পৰা উঠি অহা প্ৰজন্মক এনেদৰে প্ৰতিযোগীতামুলক পৰীক্ষা সমুহৰ বাবে আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায়‌ অয়নে | উল্লেখযোগ্য যে সোমবাৰে বিমান যোগে যোৰহাটত উপস্থিত হ’বহি অয়ন|

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments