Friday, September 11, 2026
Homeঅসমএতিয়া এখন কাজিয়াই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত

এতিয়া এখন কাজিয়াই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত

এতিয়া এখন কাজিয়াই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত । কালি যদি অখিল গগৈয়ে সমালোচনা কৰিছে গৌৰৱ গগৈক। আজি আকৌ গৌৰৱ গগৈয়ে সমালোচনা কৰিছে অখিল গগৈক। বিজেপি দল আৰু মুখ্যমন্ত্ৰীৰ সৈতে অখিল গগৈৰ স্থিতি সন্দৰ্ভত এক গুৰুতৰ অভিযোগ তুলি গৌৰৱ গগৈয়ে মন্তব্য।

‘অখিল গগৈক দাদা বিগ্ৰেডৰ গোপন সদস্য’।‘বিৰোধী ঐক্য গঢ়ি তোলাৰ প্ৰচেষ্টাক আটাইতকৈ বেছি ক্ষতি কৰা ব্যক্তিৰ অন্যতম অখিল’।‘ব্যক্তিগত, ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মিত্ৰতা কৰিছিল অখিল গগৈয়ে’।’বিধানসভাৰ বাহিৰত মুখ্যমন্ত্ৰীৰ প্ৰতি নৰম হৈ যায় অখিল গগৈ‘বিজেপিৰ বাবে অখিল গগৈৰ মৰম বেছি’। অখিল গগৈক দাদা বিগ্ৰেডৰ গোপন সদস্য আখ্যা গৌৰৱ গগৈৰ।

অখিল গগৈয়ে কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি ক’লে, ‘১৯ টা সংখ্যালঘূ ছীট পোৱা কংগ্ৰেছৰ হৈ মাত মাতিলে কেতিয়াবা উজনিত অসমীয়া মানুহৰ আপোন হ’ব পাৰিম নেকি?’‘কংগ্ৰেছক মানুহে হৃদয়ৰ পৰা উলিয়াই দিছে’।  ‘কংগ্ৰেছক মই গালি পাৰিমেই’

সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে কেতিয়া মিত্ৰতাৰ নীতি পালন কৰিলে, সেয়াহে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। বিগত সময়ছোৱাত কেৱল নিৰ্বাচনৰ আসন বুজাবুজিৰ ক্ষন্তেকীয়া সময়কণৰ বাহিৰে অখিল গগৈয়ে অহৰহ কংগ্ৰেছ দলক কেৱল আক্ৰমণ আৰু সমালোচনাই কৰি আহিছে বুলিও মন্তব্য কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments