Friday, September 11, 2026
Homeঅসমমাকুম আৰক্ষীৰ বৃহৎ সফলতা

মাকুম আৰক্ষীৰ বৃহৎ সফলতা

সন্দেহজনক ক্ৰুড অইলভৰ্তি বলেৰ’মেক্স পিকআপ বাহন জব্দ, পলাতক চালক-হেণ্ডিমেন

তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীৰ নিশা তহলদাৰী দলে অভিযান চলাই সন্দেহজনক ক্ৰুড অইলভৰ্তি এখন বলেৰ’ মেক্স পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, মাকুম থানাৰ অন্তৰ্গত ডিগবৈ সংযোগী পথত নিশা তহল দি থকাৰ সময়তে আৰক্ষীৰ দলে এখন সন্দেহজনক বলেৰ’ মেক্স পিকআপ বাহন ৰখাই থোৱা প্ৰত্যক্ষ কৰে। আৰক্ষীৰ তহলদাৰী দলটো বাহনখনৰ ওচৰলৈ যোৱাৰ সময়তে চালকে বাহনখন লৈ পলায়নৰ চেষ্টা কৰে।
পিছত আৰক্ষীয়ে খেদি গৈ ৰাইডাং চাহ বাগিচা এলেকাত বাহনখন ৰখাবলৈ সক্ষম হয়। অৱশ্যে বাহনখনৰ চালক আৰু হেণ্ডিমেনে সুযোগ বুজি পলাই যাবলৈ সক্ষম হয়।
আৰক্ষীয়ে বাহনখন তালাচী চলোৱাত ২০০ লিটাৰকৈ ১৫টা ড্ৰামত সন্দেহজনক ক্ৰুড অইল উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসহ বাহনখন মাকুম থানালৈ লৈ অহা হয়।
জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 23 DC 6039। নিশাৰ তহলদাৰী দলটো ৰাজেশ গোৱালাৰ নেতৃত্বত গঠিত হৈছিল। দলটোত দ্বিতীয় অসম আৰক্ষী বাহিনীৰ মিঠুন বৰুৱা আৰু ইজেৱী চেমা আছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পলাতক চালক আৰু হেণ্ডিমেনক আটক কৰাৰ বাবে অভিযান চলাই থকা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments