Friday, September 11, 2026
Homeঅসমমাকুম ৰে’লৱে স্কুলৰ শিক্ষয়িত্ৰী প্ৰতিমা চৌধুৰীৰ দেহাৱসান

মাকুম ৰে’লৱে স্কুলৰ শিক্ষয়িত্ৰী প্ৰতিমা চৌধুৰীৰ দেহাৱসান

মাকুমত শোকৰ ছাঁ। মাকুম ৰে’লৱে স্কুলৰ শিক্ষয়িত্ৰী তথা মাকুমৰ সাংস্কৃতিক জগতৰ অন্যতম সক্ৰিয় কৰ্মী প্ৰতিমা চৌধুৰীৰ সোমবাৰে নিশা ১০.৩০ বজাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত দেহাৱসান ঘটে।

মাকুম গান্ধীনগৰৰ নিবাসী প্ৰতিমা চৌধুৰী সাংস্কৃতিক কৰ্মী জয়ন্ত অধিকাৰীৰ পত্নী আছিল। তেওঁ শিক্ষয়িত্ৰী হিচাপে মাকুমৰ সুভাষনগৰ এল পি স্কুলৰ পৰা কৰ্মজীৱন আৰম্ভ কৰিছিল।

শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ নাট্যচৰ্চা, নৃত্য-নাটিকা, আবৃত্তি আৰু সমবেত সংগীতৰ সৈতে জড়িত আছিল। মাকুমৰ ‘সুৰ-সমালয়’, ‘নৰাৰুণ নাট্যগোষ্ঠী’কে ধৰি বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল।

তেওঁৰ মৃত্যুত মাকুমৰ শৈক্ষিক আৰু সাংস্কৃতিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ স্বামী, এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।

মঙলবাৰে মাকুম ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments