Friday, September 18, 2026
Homeঅসমভাৰত–ম্যানমাৰ সীমান্তৰ পাংচাও পাছত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ

ভাৰত–ম্যানমাৰ সীমান্তৰ পাংচাও পাছত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ

ভাৰত–ম্যানমাৰ সীমান্তৰ পাংচাও পাছত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ

ভাৰত–ম্যানমাৰ সীমান্তৰ পাংচাও পাছত অসম ৰাইফলছৰ ওচৰত আলফা (স্বাধীন)ৰ এগৰাকী সদস্যই আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে।

আত্মসমৰ্পণ কৰা সদস্যজনৰ নাম কমল চৰণীয়া ওৰফে ‘দিলীপ অসম’(23)। জানিব পৰা মতে, তেওঁৰ ঘৰ বাক্সা জিলাৰ চিমলা গাঁৱত।

আত্মসমৰ্পণৰ সময়ত সদস্যজনৰ পৰা অসম ৰাইফলছে এটা দাহ, এটা বেগপেক, ম্যানমাৰৰ ২০ হাজাৰ টকা আৰু কিছু নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত অসম ৰাইফলছে আত্মসমৰ্পণ কৰা সদস্যজনক অসম আৰক্ষীৰ হাতত গতাই দিয়ে।

বৰ্তমান অসম আৰক্ষীয়ে সদস্যজনক জেৰা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments