সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা), তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা তিনিচুকীয়া জিনাৰ অন্তর্গত সকলো ব্যক্তিগত অনুষ্ঠান-প্রতিষ্ঠান, কল-কাৰখানা, বটলি ফেক্টৰি, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কর্তৃপক্ষ তথা সংশ্লিষ্ট সকলো পক্ষলৈ অহা ২২ ছেপ্টেম্বৰ ২০২৬ তাৰিখে কৰম পৰৱৰ দিনা প্রতিষ্ঠানসমূহ বন্ধ ৰাখি পৱিত্ৰ কৰম পৰৱ পালনত কৰাৰ বাবে বন্ধ আহ্বান জনাই।
আদিবাসী সমাজৰ পৰম্পৰাগত, ঐতিহ্যবাহী আৰু অতি গুৰুত্বপূৰ্ণ উৎসৱ কৰম পৰৱ উপলক্ষে অহা ২২ ছেপ্টেম্বৰ ২০২৬ তাৰিখে চাহ বাগিচাসমূহত অসম চৰকাৰে ছুটিৰ লগতে হাজিৰা প্ৰদানৰ ব্যৱস্থা গ্রহণ কৰাৰ বাবে সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা), তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা অসম চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
কৰম পৰৱ আদিবাসী সমাজৰ ঐতিহ্য, সংস্কৃতি, পৰম্পৰা আৰু সামাজিক সংহতিৰ এক অনন্য প্রতীক। এই পৱিত্ৰ পৰৱৰ জৰিয়তে আদিবাসী সমাজৰ চহকী সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা, প্ৰকৃতিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু ভাতৃত্ববোধ প্রতিফলিত হয়। সেয়েহে, এই পৱিত্ৰ কৰম পৰৱটি যাতে সকলোৰে সহযোগিতা, সহমর্মিতা আৰু সম্প্রীতিৰে শান্তিপূর্ণ, শৃংখলাবদ্ধ আৰু মর্যাদাপূর্ণভাৱে পালন কৰিবলৈ আহ্বান জনাই
