Monday, September 21, 2026
Homeঅসমনাজিৰাৰ বিহুবৰত ৰাজপথ অৱৰোধ কৰি বৃহৎ প্ৰতিবাদ সহস্ৰাধিক ৰাইজৰ

নাজিৰাৰ বিহুবৰত ৰাজপথ অৱৰোধ কৰি বৃহৎ প্ৰতিবাদ সহস্ৰাধিক ৰাইজৰ

নাজিৰাৰ বিহুবৰত ৰাজপথ অৱৰোধ কৰি বৃহৎ প্ৰতিবাদ সহস্ৰাধিক ৰাইজৰ

বিহুবৰত ড্ৰাগছ মুক্ত কৰাৰ দাবী ৰাইজৰ

📌 আজি পুৱাৰে পৰা অসম – নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত অসম – নাগালেণ্ড সংযোগী মুখ্য পথত বৃহত্তৰ বিহুবৰ অঞ্চলৰ সহস্ৰাধিক পুৰুষ – মহিলাই অৱৰোধ কৰে । যোৱা ১৮ ছেপ্টেম্বৰ নিশা বিহুবৰ আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত্বৰ ৰঙাজানৰ পথত কুখ্যাত ড্ৰাগছ মাফিয়া ৰবিদ্ৰ সিং ওৰফে বিকি সিঙ আৰু ৰুবোল খান নামৰ দুজনে বিহুবৰ – ৰঙাজান যুৱ সমাজৰ সভাপতি বিমান বৰুৱাক অতি নৃশংসভাৱে হত্যা কৰে । এই ঘটনাক লৈ আজিও উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বিহুবৰত । বিহুবৰ অঞ্চলত ড্ৰাগছ মুক্ত কৰাৰ দাবীৰ লগতে ড্ৰাগছ মাফিয়া ৰবিদ্ৰ সিং ওৰফে বিকি সিং আৰু তেওঁৰ পৰিয়ালসহ দৃষ্টান্ত মূলক ন্যায়িক শাস্তি প্ৰদান কৰা, ড্ৰাগছ মাফিয়া ৰবিদ্ৰ সিঙৰ ঘৰ ২৪ ঘণ্টাৰ ভিতৰত উচ্ছেদ কৰাৰ দাবীত ৰাইজে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments