অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰে সীমান্ত শেখৰে। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। সামাজিক মাধ্যমত এই কথা জনায় তেওঁ।
এটা ফেচবুক পোষ্টত সীমান্ত শেখৰে উল্লেখ কৰিছে, ‘‘অতি বিনম্ৰতা আৰু সন্মানেৰে জনাব বিচাৰিছোঁ যে, আজি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতিদেৱলৈ মোৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। মই অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্ত সম্পূৰ্ণৰূপে মোৰ গভীৰ ব্যক্তিগত কাৰণত গ্ৰহণ কৰা হৈছে। ইয়াৰ সৈতে কোনো ৰাজনৈতিক মতাদৰ্শ, নীতি বা কোনো ব্যক্তি সম্পৰ্কীয় অসন্তুষ্টিৰ কোনো সম্পৰ্ক নাই। আগন্তুক সময়ত মই কোনো ৰাজনৈতিক দলৰ সৈতেও জড়িত নাথাকিম। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী সতীৰ্থ, শুভাকাংক্ষী আৰু কাৰ্যকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। দলটোৰ ভৱিষ্যতৰ সৰ্বাংগীণ সফলতা আৰু অসমৰ জনসাধাৰণৰ সেৱাত অধিক নিষ্ঠাৰে আগবাঢ়ি যোৱাৰ বাবে মোৰ আন্তৰিক শুভকামনা থাকিল। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱৰ গতিশীল নেতৃত্বত অসমৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰা অধিক শক্তিশালী আৰু সফল হওক – তেখেতলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু এক বৃহৎ সফলতাৰ কামনা জনালোঁ। অসম আৰু অসমীয়া জাতিৰ প্ৰতি মোৰ মৰম, সন্মান আৰু দায়বদ্ধতা সদায় অটুট থাকিব।’’
