Tuesday, October 27, 2026
Homeঅসমজুৰীয়াৰ শিঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ছাদিয়া ইমতিয়াজে

জুৰীয়াৰ শিঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে ছাদিয়া ইমতিয়াজে

জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট: নগাঁও জিলাৰ জুৰীয়াৰ শিঙিয়া অঞ্চলৰ যুৱতী তথা মহাত্মা গান্ধী নেচনেল ষ্টাডি চেণ্টাৰ (MGNSC)-ৰ একাডেমিক ক’অৰ্ডিনেটৰ ছাদিয়া ইমতিয়াজে শৈক্ষিক ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অধীনত পদ্মশ্ৰী ইনষ্টিটিউট অৱ মেডিকেল লেবৰেটৰী টেকন’লজীত অধ্যয়ন কৰি তেওঁ Hematology and Blood Transfusion বিভাগত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই সাফল্যই অঞ্চলটোৰ লগতে মহাত্মা গান্ধী নেচনেল ষ্টাডি চেণ্টাৰ পৰিয়াললৈ আনন্দ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে, ছাদিয়া ইমতিয়াজে MGNSC প্ৰতিষ্ঠা হোৱাৰ সময়ৰ পৰাই প্ৰতিষ্ঠানখনৰ একাডেমিক ক’অৰ্ডিনেটৰ হিচাপে দায়িত্ব পালন কৰি আহিছে। শৈক্ষিক দায়িত্ব নিষ্ঠা আৰু একাগ্ৰতাৰে পালন কৰি অহাৰ সমান্তৰালকৈ নিজৰ অধ্যয়নতো উৎকৃষ্টতা প্ৰদৰ্শন কৰি তেওঁ এক আদৰ্শ দাঙি ধৰিছে।

তেওঁৰ এই কৃতিত্বই অঞ্চলটোৰ যুৱপ্ৰজন্মক উচ্চ শিক্ষা গ্ৰহণ, কঠোৰ পৰিশ্ৰম আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ছাদিয়া ইমতিয়াজৰ এই উল্লেখযোগ্য সাফল্যত মহাত্মা গান্ধী নেচনেল ষ্টাডি চেণ্টাৰ (MGNSC) পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলে আনন্দ প্ৰকাশ কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যৎ আৰু অধিক সফলতা কামনা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments