শুকুৰবাৰে জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই। গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাদিনো ধৰি চলা শুনানিৰ অন্তত একাধিক চৰ্ত আৰোপ কৰি অমৃতপ্ৰভাৰ জামিন মঞ্জুৰ কৰে। ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে ৫০ হাজাৰ টকাৰ বেইল বণ্ডৰ বিনিময়ত অমৃতপ্রভাৰ জামিন মঞ্জুৰ কৰে।
কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
আদালতৰ নিৰ্দেশ অনুসৰি, অমৃতপ্ৰভাই ৫০ হাজাৰ টকাৰ বেইল বণ্ড দাখিল কৰিব লাগিব। ইয়াৰ উপৰি, তেওঁ নিজৰ গৃহ চহৰ এৰি যাব নোৱাৰিব। গোচৰটোৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ স্বাৰ্থত আদালতে এই চৰ্ত আৰোপ কৰিছে।
আনহাতে, অমৃতপ্ৰভাই নিজৰ পাছপোৰ্ট আদালতত জমা দিব লাগিব। আদালতে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট তাৰিখত তেওঁ হাজিৰ হোৱাটোও বাধ্যতামূলক কৰা হৈছে। আদালতে যেতিয়াই তেওঁক হাজিৰ হ’বলৈ নিৰ্দেশ দিব, তেতিয়াই নিৰ্ধাৰিত তাৰিখত উপস্থিত থাকিব লাগিব।
জামিন লাভ কৰিলেও চৰ্তৰ বান্ধোনত অমৃতপ্ৰভা
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতে গোচৰটোৱে নতুন গতি লোৱাৰ সম্ভাৱনা আছে। এতিয়া আদালতে নিৰ্ধাৰণ কৰা চৰ্তসমূহ মানি চলি পৰৱৰ্তী আইনী প্ৰক্ৰিয়াত সহযোগিতা কৰিব লাগিব অমৃতপ্ৰভাই। আদালতৰ আজিৰ ৰায়ৰ পাছত পৰৱৰ্তী সময়ত গোচৰটোৰ আইনী প্ৰক্ৰিয়া কোন দিশে আগবাঢ়ে, সেয়া হ’ব
