Monday, October 26, 2026
Homeৰাজনৈতিকপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দেখা গ’ল মুখ্যমন্ত্ৰী বিজয়ক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দেখা গ’ল মুখ্যমন্ত্ৰী বিজয়ক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে চেন্নাই মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰায় ৪,৯০০ কোটি টকা ব্যয়েৰে নিৰ্মিত পুনামাল্লী–ভাডাপালানি অংশটো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী চি. জোছেফ বিজয়ে নতুন মেট্ৰ’ সেৱাৰ ফ্লেগ অফ কৰাৰ লগতে ৰে’লত যাত্ৰাও কৰে। এই নতুন সেৱা মেট্ৰ’ প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ চতুৰ্থ কৰিডৰৰ অধীনত চলাচল কৰিব। প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নৱনিৰ্মিত এই অংশত মুঠ ১১টা এলিভেটেড ষ্টেচন আছে।
মেট্ৰ’ কৰিডৰটোত ৩.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বিশেষ ‘ডাবল-ডেকাৰ’ গাঁথনি আছে। চালকবিহীন ৰে’ল চলাচল সম্ভৱ কৰি তুলিবলৈ ইয়াত উন্নত সংকেত ব্যৱস্থাও স্থাপন কৰা হৈছে।
ৰে’লত উঠাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI)ৰ জৰিয়তে ধন পৰিশোধ কৰি টিকট ক্ৰয় কৰে। তাৰ পিছত তেওঁ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতে পোৰুৰ বাইপাছ ৰোড মেট্ৰ’ ষ্টেচনৰ পৰা পুনামাল্লীলৈ যাত্ৰা কৰে। উদ্বোধনী যাত্ৰাৰ সময়ত বিষয়াসকলে মেট্ৰ’ ব্যৱস্থাটোৰ কাৰ্যপ্ৰণালী সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰে। মোদীয়ে ৰে’লখনত থকা শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments