Monday, October 26, 2026
HomeৰাজনৈতিকCJP নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক মুকলি

CJP নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক মুকলি

ককৰোচ জনতা পাৰ্টি (CJP)ৰ বাবে দেওবাৰে আদালতৰ পৰা আহিল এক গুৰুত্বপূৰ্ণ খবৰ। কাৰ্যবাহী দণ্ডাধীশৰ আদালতে CJPৰ নেতা অভিজিৎ দীপকে, আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটকাধীন অৱস্থাৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে। অৱশ্যে, আদালতে তেওঁলোকক যন্তৰ-মন্তৰলৈ যোৱাৰ অনুমতি দিয়া নাই।
উল্লেখযোগ্য যে, দিল্লী আৰক্ষীয়ে শনিবাৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (IGI) বিমানবন্দৰত বিমানৰ পৰাই CJPৰ তিনিওজন নেতাক আটক কৰিছিল। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক মুম্বাইৰ পৰা দিল্লীলৈ আহিছিল।
এবছৰলৈ শান্তি-শৃংখলা ভংগ কৰিব পৰা কাৰ্যকলাপত অংশগ্ৰহণত নিষেধাজ্ঞা
দিল্লী কেণ্টনমেণ্টস্থিত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতে সৌৰভ দাস, আশুতোষ ৰাংকা আৰু অভিজিৎ দীপকেক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। অৱশ্যে, আদালতে তেওঁলোকৰ বাবে কেতবোৰ চৰ্ত আৰোপ কৰিছে।
অহা এবছৰলৈ তেওঁলোকে শান্তি, সম্প্ৰীতি আৰু আইন-শৃংখলা বিঘ্নিত কৰিব পৰা কোনো কাৰ্যকলাপত জড়িত হ’ব নোৱাৰিব। অঞ্চলটোত শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা সৃষ্টি কৰিব পৰা কোনো পদক্ষেপ নল’বলৈও আদালতে নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশনা আৰু চৰ্তসমূহ পালন কৰাটো তিনিওজনৰ বাবে বাধ্যতামূলক হ’ব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments