Monday, October 26, 2026
Homeঅসমমুখত মাস্ক পিন্ধি কাৰাগাৰৰ পৰা ওলাল অমৃতপ্ৰভা

মুখত মাস্ক পিন্ধি কাৰাগাৰৰ পৰা ওলাল অমৃতপ্ৰভা

অসমৰ সংগীত জগতৰ মহানায়ক জুবিন গাৰ্গৰ ন্য়ায়ৰ বাবে সকলোৱে এবছৰ ধৈৰ্য ধৰি অপেক্ষা কৰি আছিল । এই ঘটনাৰে জড়িত থকা অভিযুক্তসকলে উপযুক্ত শাস্তি পোৱাৰ অপেক্ষা কৰি থাকোতেই জুবিন অনুৰাগীৰ বাবে দুঃসংবাদটো আহিল ।জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তই মঙলবাৰে হাফলং উপ-কাৰাগাৰৰ পৰা মুখ ঢাকি মুকলি আকাশৰ তললৈ ওলাই আহিল । গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষে জামিন মঞ্জুৰ কৰাৰ পিছত প্ৰয়োজনীয় আইনী আৰু প্ৰশাসনিক আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাত তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ।

দেহৰক্ষী লাগে অমৃতপ্ৰভা মহন্তক, ফাষ্ট ট্রেক আদালতত PSO বিচাৰি আবেদন অমৃত প্ৰভাৰ অধিবক্তাৰ।কিন্তু আদালতে নাকচ কৰে PSO দিয়া বিষয়টো।নিজৰ সুৰক্ষা নিজে ল’ব লাগিব বুলি উল্লেখ ফাষ্টট্রেক আদালতৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিনৰ ৰায়তে লিখিছিল অভিযুক্তই নিজৰ সুৰক্ষা নিজে ল’ব লাগিব।আনহাতে দৈনিক শুনানিৰ সময়ত সো-শৰীৰে হাজিৰৰো নিৰ্দেশনা দিছে আদালতে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments