Wednesday, October 28, 2026
Homeঅসমদুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ

দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ

শাৰদীয় দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা। নিশা ১০ বজাৰ পাছত উচ্চ স্বৰত বজাব নোৱাৰিব মাইক। পূজা কমিটীসমূহক এই নিৰ্দেশনা মহানগৰ আৰক্ষীৰ।সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ হ’ব মহানগৰ আৰক্ষীৰ। দুচকীয়া বাহনত বাধ্যতামূলক হেলমেট। অসামৰিক পোছাকত পূজাৰ থলী থলীয়ে থাকিব আৰক্ষীৰ লোক।

এইবাৰ গুৱাহাটী মহানগৰীত প্ৰায় ৬০০খন পূজা অনুষ্ঠিত হ’ব। পূজা কমিটীসমূহক বহু নীতি-নিয়ম বান্ধি দিলে মহানগৰ আৰক্ষীয়ে। পূজা কমিটীয়ে নিশা পৰ্যন্ত ৰাখিব লাগিব স্বেচ্ছাসেৱক। পূজা কমিটীসমূহত থাকিব প্ৰশিক্ষণ প্ৰাপ্ত স্বেচ্ছাসেৱক।পূজাস্থলীত CC কেমেৰা বাধ্যতামূলক। পুৰুষ-মহিলাৰ প্ৰৱেশ প্ৰস্থানৰ বাবে পৃথক পথৰ ব্যৱস্থা কৰিব লাগিব।বিসৰ্জনৰ বাবে পাণ্ডু আৰু লাচিত ঘাটত বিশেষ ব্যৱস্থা কৰা হৈছে। মূৰ্তিবোৰ ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিবৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। চূণচালি ঘাটত বিসৰ্জনৰ বাবে আলোচনা কৰি থকা হৈছে। অতি সোনকালে বিসৰ্জনৰ বাবে চূণচালি ঘাটো মুকলি কৰি দিব প্ৰশাসনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments