Tuesday, October 27, 2026
Homeঅসমশদিয়াত খিলঞ্জীয়া কৃষকৰ প্ৰতিবাদ

শদিয়াত খিলঞ্জীয়া কৃষকৰ প্ৰতিবাদ

শদিয়াত খিলঞ্জীয়া কৃষকৰ প্ৰতিবাদ । ভূমি অধিকাৰ হেৰুৱাৰ ভয়ত ত্ৰস্তমান শদিয়াৰ দুইখন গাওঁৰ কৃষক ৰাইজ । অসম চৰকাৰৰ এক আঁচনি Janmadin Seuj Shapat Udyan’ (Birthday Green Pledge Garden) নামৰ আঁচনি উপলক্ষে শদিয়াৰ টোপচিঙা গাওঁত কুণ্ডিল নদীৰ পাৰত অসম চৰকাৰে প্ৰায় ৪০ বিঘা মাটিত এখন উদ্যান গঢ়াৰ পৰিকল্পনা আগবঢ়োৱাৰ এক সিদ্ধান্তৰ পিছত শদিয়াৰ টোপছিঙা – বাঁহনি গাওঁৰ ৰাইজ এতিয়া ক্ষুব্ধ হৈ পৰিছে। ৰাইজৰ অভিযোগ চৰকাৰে উন্নয়নৰ নামত চক্ৰান্ত কৰি ৰাজহ গাওঁত কৃষকৰ ভূমি চৰকাৰৰ দখললৈ অনাৰ এক কুটিল পৰিকল্পনা। অভিযোগৰ আঙুলি বিধায়ক বলিন চেতিয়ালৈ । অন্যহাতে উক্ত অঞ্চলত বন বিভাগ আৰু ৰাজহ চক্ৰৰ বিভাগ উপস্থিত হোৱাৰ পিছতে বাক বিতণ্ডা পৰিৱেশৰ সৃষ্টি হয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments