পূজাৰ আনন্দ উল্লাস ৰ মাজতে গহপুৰৰ পূৰুপবাৰীৰ দেওবৰীয়া সাপ্তাহিক বজাৰ গেটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় দুই কন্যা শিশু সহ এজন বাইক আৰোহী। গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে গৈ থকা AS01C 5147 নম্বৰৰ ১২চকিয়া ট্ৰাক খনে পিছফালৰ পৰা AS07P3140 নম্বৰৰ বাইক খনক খুন্দা মৰাৰ ফলত বাইক খনত থকা দুই কন্যা শিশু হৃতিকা গুপ্তা, কৃতিকা গুপ্তা আৰু মোমায়েক চন্দন শ্বাহ থিতাতে নিহত। জানিব পৰা মতে মিছামাৰীৰ কিৰণ গুপ্তাৰ দুই কন্যা হৃতিকা আৰু কৃতিকা গহপুৰৰ মোমায়েকৰ ঘৰলৈ গৈ মোমায়েকৰ সৈতে মটৰ চাইকেলত পূজা চাবলৈ যাওঁতে গহপুৰৰ পূৰুপবাৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ষ্টেলা মেৰিজ স্কুলৰ দ্বিতীয় আৰু UKG ৰ ছাত্ৰী হৃতিকা গুপ্তা আৰু কৃতিকা গুপ্তাই।
