Tuesday, October 27, 2026
Homeঅসমনৱমী পূজাৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

নৱমী পূজাৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ ৰিপৰ্ট: গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত কালি নিশা প্ৰায় ৯:৩০ বজাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
মাটিয়া থানাৰ অন্তৰ্গত বাকাইটাৰী মংগলবৰীয়া বজাৰৰ কাষত, মাটিয়া-শিমলীতোলা সংযোগী পথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত চাৰিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত লোক কেইজনক ক্ৰমে ডুবাপাৰাৰ মিন্টু দালু আৰু অজয় দালু, দাকেদোলোৰ টাৰ্জান শ্বেখ আৰু গোৱালপাৰাৰ তিনিকনিয়াপাৰাৰ মফিজুল আলী বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ প্ৰসাদৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত কেইজনক সংকটজনক অৱস্থাত গোৱালপাৰালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ AS 18 Q 3361 আৰু AS 01 EB 9831। আৰক্ষীয়ে বাইক দুখন জব্দ কৰি থানালৈ লৈ যায়।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments