আজি শুভ বিজয়া দশমী। মা দুৰ্গাক বিদায় দিয়াৰ বেদনাভৰা অথচ আনন্দৰ দিন।
চামগুৰি অঞ্চলৰ সকলো সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপৰ প্ৰতিমা আজি বিয়লি লাইনা তামুলী নদী ঘাটত বিসৰ্জন দিয়া হয়।
পৰম্পৰা অনুসৰি পুৱাৰে পৰা বিবাহিত মহিলাসকলে দেৱীক সেন্দুৰ দান কৰি সেন্দুৰ খেলা খেলে আৰু মাৰ ওচৰত পৰিয়ালৰ মঙ্গল কামনা কৰে।
ইয়াৰ পিছতে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। ঢাকৰ তালে তালে, ডি জেৰ শব্দ আৰু “বলো দুৰ্গা মাইকী জয়” ধ্বনিৰে যুৱক-যুৱতী সকলে নৃত্য কৰি প্ৰতিমা ঘাটলৈ লৈ যায়।
লাইনা তামুলী নদী ঘাটত আৰক্ষী প্ৰশাসন আৰু পূজা সমিতিৰ তত্বাৱধানত অতি শান্তিপূৰ্ণ আৰু সুশৃংখলভাৱে সকলো প্ৰতিমা বিসৰ্জন দিয়া হয়।
বিসৰ্জনৰ সময়ত ভক্তসকলৰ চকুত পানী, মুখত আকৌ এবছৰলৈ অপেক্ষা – “আসছে বছৰ আবার হবে”।
