শদিয়া অভিমুখে গৈ থকা অৱস্থাতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।
ছৈখোৱা বোকাপথাৰ সংযোগী ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বোকাপথাৰ খেমদাভা সন্মুখত এই দুৰ্ঘটনাটো সংঘটিত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে, এখন দ্ৰুতবেগী উইংগাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খোজকাঢ়ি গৈ থকা তিনিজন লোকক প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দাৰ প্ৰচণ্ডতাত তিনিওজন লোক ৰাস্তাতে বাগৰি পৰে আৰু গুৰুতৰভাৱে আহত হয়।
স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত লোককেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত লোক কেইজনক ক্ৰমে সুৰেশ তাঁতী (৫৬), সুৰজ তাঁতী (২৬) আৰু ৰাজু তামাং (৪৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আনহাতে, এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ক্ষুব্ধ ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰ বাহনখন জ্বলাই দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।
উল্লেখ্য যে, এই পথছোৱাত দ্ৰুতবেগী বাহনৰ দৌৰাত্ম্যৰ বাবে প্ৰায়ে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ৰাইজে প্ৰশাসনক পথছোৱাত গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
