Wednesday, October 28, 2026
Homeঅসমগোৰেশ্বৰৰ হাজালপাৰাত অঘটন

গোৰেশ্বৰৰ হাজালপাৰাত অঘটন

গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাজলপাৰাৰ ব্ৰজেন দাস নামৰ লোকজনৰ পুত্ৰ সুৰঞ্জন দাস (২৫) গোৰেশ্বৰত বিজয়া দশমীৰ নিশা থিয়েটাৰ চাবলৈ যোৱাৰ পৰা নিখোঁজ হৈ আছিল সুৰঞ্জন দাস৷

আজি গোৰেশ্বৰৰ হাজালপাৰাৰ মনোজ ৰাজবংশী নামৰ লোকজনৰ ঘৰৰ সন্মুখত থকা পুখুৰীৰ পাৰত এজোৰ চেণ্ডেল আৰু মোবাইল ফোন উদ্ধাৰ হয় । ইয়াৰ পিছতে পুখুৰীত পৰি সুৰঞ্জন দাস নিখোঁজ হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে।

পৰৱৰ্তী সময়ত এই বিষয়ে গোৰেশ্বৰ থানাত খবৰ দিয়া হয়। খবৰ পোৱাৰ পিছতে গোৰেশ্বৰ আৰক্ষী আৰু এছডিআৰফৰ দল উপস্থিত হৈ পুখুৰীত সন্ধান চলাই সুৰঞ্জনৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে। প্ৰকৃততে এয়া আত্মহত্যা নে হত্যাৰ ঘটনা সেয়া আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই, আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments