আজিৰ কেবিনেট সংবাদমেলত ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। ২০২৫ বৰ্ষৰ বাবে বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়।
শংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ হৰ্ষ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা।
অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে-
ডাঃ কুশল কোঁৱৰ শৰ্মা, নুৰুদ্দিন আহমেদ, পুলক বেনাৰ্জী আৰু পূৰ্ণিমা দেৱী বৰ্মনলৈ।
অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে-
দেৱীপ্ৰসাদ বাগৰোদিয়া, হলীচৰণ নাৰ্জাৰী, চিমু দাস, হৰকান্ত বসুমতাৰী, ধনজিৎ তালুকদাৰ, নিবেদিতা ইন, মায়ংক চক্ৰৱৰ্তী, জিতেন চাৰাংফাংচা, তনুমায়া সোণাৰ বিশ্বকৰ্মা, দীপক লাহন, ‘কলং কপিলী’ নামৰ এটা বেচৰকাৰী সংস্থা আৰু গোলাঘাটৰ ‘পদুম পথাৰ এগ্ৰো-অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী’ (FPO)লৈ।
ইয়াৰ উপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ নগদ ধনৰ পৰিমাণ ১৫ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
লাইমষ্ট’নৰ ৰয়েলটি নিৰ্ধাৰণৰ বাবে নিয়ম সংশোধন
অসম মিনাৰেলছ ৰেগুলেচন এণ্ড ডিলাৰ্ছ ৰুলছ সংশোধনৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। এই সংশোধনীৰ জৰিয়তে লাইমষ্ট’নক বিভিন্ন শ্ৰেণীত ভাগ কৰি সেই অনুসৰি ৰয়েলটি নিৰ্ধাৰণৰ ব্যৱস্থা কৰা হৈছে। খনিজ সম্পদৰ গুণগত মানৰ ভিত্তিত শ্ৰেণীবিভাজন কৰি ৰয়েলটিৰ হাৰ নিৰ্ধাৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
ৰঙিয়াত ৩০০ কোটি টকাৰ বিনিয়োগেৰে উদ্যোগ স্থাপন
কামৰূপ জিলাৰ ৰঙিয়াত ছিনটেক্স (Sintex)-এ এটা নতুন উদ্যোগ স্থাপন কৰিব। এই উদ্যোগটোত প্ৰায় ৩০০ কোটি টকা বিনিয়োগ কৰা হ’ব। উদ্যোগটোৰ জৰিয়তে প্ৰায় ৩০০টা কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
মিছিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিয়ম সংশোধন
মিছিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট নিৰ্বাচনী নিয়ম সংশোধন কৰা হৈছে। অহা নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
