Monday, October 26, 2026
Homeঅসম২৯ নৱেম্বৰত ড° ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষৰ অনুষ্ঠান

২৯ নৱেম্বৰত ড° ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষৰ অনুষ্ঠান

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে। আজিৰ সংবাদমেলত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ লগতে ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উদযাপনৰ কাৰ্যসূচী, খনিজ সম্পদৰ নিয়ম সংশোধন আৰু নতুন উদ্যোগ স্থাপনৰ বিষয়েও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষ উপলক্ষে অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। অনুষ্ঠানত প্ৰদান কৰা হ’ব ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা। এইবাৰৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বিশিষ্ট সংগীতশিল্পী ঊষা মংগেশকাৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক এই বঁটা প্ৰদান কৰিব।
এই ৰাষ্ট্ৰীয় বঁটা প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা হ’ব। বঁটাটোৰ সৈতে থাকিব ১০ লাখ টকাৰ নগদ ধন আৰু এখন মানপত্ৰ।
প্ৰায় দুঘণ্টীয়া অনুষ্ঠানটোত অসমৰ প্ৰায় ১,০০০ গায়ক-গায়িকাই সুধাকণ্ঠৰ দুটা কালজয়ী গীত— ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat, Brother’ পৰিৱেশন কৰিব। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল আৰু শংকৰ মহাদেৱনেও অংশগ্ৰহণ কৰিব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments