Monday, October 26, 2026
Homeঅসমভেৰগাঁৱৰ উদমাৰীত ৬৪ সংখ্যক লক্ষ্মী পূজা

ভেৰগাঁৱৰ উদমাৰীত ৬৪ সংখ্যক লক্ষ্মী পূজা

ভেৰগাঁৱৰ উদমাৰীত ৬৪ সংখ্যক লক্ষ্মী পূজা , ৰাজ্যজুৰি আৰম্ভ হৈছে ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ আৰাধনা ।

ওদালগুৰিৰ ভেৰগাঁৱৰ উদমাৰীৰ লক্ষ্মী মন্দিৰত লক্ষ্মী পূজাক কেন্দ্ৰ কৰি উখল-মাখল হৈ পৰিছে পূজা স্থলী ।

আজিৰেপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভেৰগাঁৱৰ উদমাৰীৰ লক্ষ্মী পূজা , ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে ৬৪ সংখ্যক লক্ষ্মী পূজা।

পূজা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিভিন্ন জাতি-জনগোষ্ঠিৰে ভৰপূৰ প্ৰত্যেক বছৰে সম্প্ৰীতিৰ মিলনভূমি পৰিণত হ’য় ভেৰগাঁৱৰ উদমাৰী লক্ষ্মী পূজা পূজা স্থলী।

লক্ষ্মী পূজাৰ উপলক্ষে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে পূজা মণ্ডপ , আকৰ্ষণীয় আলোকসজ্জাৰে জীপাল কৰি তোলা হৈছে সমগ্ৰ পূজাস্থলী।

লক্ষ্মী পূজা উদযাপনৰ লগতে দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে নিৰ্মাণ কৰা হৈছে আটকধুনীয়া উদ্যান।

উদ্যানৰ নান্দনিক দৃশ্যই আকৰ্ষন কৰিব দৰ্শনাৰ্থীক

কাৰ্য্যসূচীত সাংস্কৃতিক সন্ধিয়া,নাগৰা নাম,নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হ’ব৷

চৰকাৰী কোনোধৰণৰ সাহায্য নোলোৱাকৈ অঞ্চলটোৰ লোকসকলে আটকধুনীয়াকৈ নিৰ্মান কৰিছে লক্ষ্মী মন্দিৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments