হোটেল বিলাস হত্যাকাণ্ডক লৈ পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য। ৬জন লোকক গুলীয়াই হত্যা কৰাৰ পিছতেই পত্নী জোনমণি গগৈলৈ ফোন কৰিছিল অভিযুক্ত ঘনকান্তই। ফোনযোগে পত্নীক হত্যাকাণ্ডৰ কথা জনোৱাৰ লগতে সাউকুছিৰ ভাড়াঘৰ এৰি সন্তানক লগত লৈ নিৰাপদ স্থানলৈ গুচি যাবলৈ নিৰ্দেশ দিছিল বুলি জানিব পৰা গৈছে।
নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতেই পত্নী জোনমণি গগৈৰ সৈতে যোগাযোগ কৰিছিল ঘনকান্তই। ফোনযোগে ঘনকান্তই পত্নীক কৈছিল যে তেওঁ ৬জন লোকক গুলীয়াইছে। ‘ইহঁতক শেষ কৰি দিলোঁ’ বুলি কোৱাৰ লগতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল অভিযুক্তই। ইয়াৰ পিছতেই জোনমণিক সাউকুছিৰ ভাড়াঘৰ এৰি সন্তানক লগত লৈ নিৰাপদ স্থানলৈ গুচি যাবলৈ কৈছিল ঘনকান্তই। ‘পুলিচে মোক ধৰিব এতিয়া, তোমালোক গুচি যোৱা’ বুলিও পত্নীক জনাইছিল বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে সোমবাৰে নিশা প্ৰায় ৯ বজাত হোটেল বিলাসত সংঘটিত হৈছিল এই লোমহৰ্ষক গুলীচালনাৰ ঘটনা। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই নিশা প্ৰায় ১০ বজাত অভিযুক্ত ঘনকান্তক গ্ৰেপ্তাৰ কৰিছিল। হোটেল বিলাসৰ এই নৃশংস হত্যাকাণ্ডৰ পিছত অভিযুক্তই পত্নীক ফোন কৰি দিয়া বক্তব্য আৰু পৰিয়ালটোক নিৰাপদ স্থানলৈ গুচি যাবলৈ কোৱা ঘটনাই তদন্তত নতুন দিশ উন্মোচন কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে।
