ডিজিটেল ডেস্ক ANEWS24X7: নৃত্য প্ৰদৰ্শনৰ মাজতে মঞ্চত অঘটন ৷ নৃত্যৰ মাজতে মঞ্চত শুই পৰিল এগৰাকী নৃত্য শিল্পী ৷ দৰ্শকে অনুমান কৰিছিল এয়া নৃত্যৰে এক অংশ ৷ পিছে মঞ্চতে মূৰ্চা গৈ আছিল শিল্পী গৰাকী ৷ মঞ্চত সহ-শিল্পী জন উপস্থিত হোৱাৰ পিছত সকলো কথা স্পষ্ট হ’ল ৷
ততাতয়াকৈ শিল্পী গৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেতিয়ালৈ বহু পলম হৈ গৈছিল ৷ ইতিমধ্যে মৃত্যু হৈছিল শিল্পী গৰাকীৰ ৷ হৃদ ৰোগত আক্ৰন্ত হৈ মৃত্যু হয় যোগেশ গুপ্তা নামৰ শিল্পী গৰাকী ৷ এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত জম্মুৰ কাথে গাঁৱৰ বিষ্ণা অঞ্চলৰ গণেশ উৎসৱ কাৰ্যসূচীৰ এক নৃত্য অনুষ্ঠানত ৷
নৃত্য শিল্পী গৰাকীয়ে পাৰ্ৱতীৰ ৰূপত নৃত্য পদৰ্শন কৰিছিল ৷ উল্লেখে মঞ্চত শিল্পীৰ মৃত্যু হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ যোৱা কেইমান মাহত মঞ্চত শিল্পীসকল অসুস্থ হোৱাৰ কেইবাটাও ঘটনা ঘটিছে।