Wednesday, July 9, 2025
Homeক্ৰীড়াএছিয়ান গেমছত তৃতীয় দিনাও ভাৰতৰ ঐতিহাসিক প্ৰদৰ্শন

এছিয়ান গেমছত তৃতীয় দিনাও ভাৰতৰ ঐতিহাসিক প্ৰদৰ্শন

ডিজিটেল ডেস্ক,২৬ ছেপ্তেম্বৰ: ভাৰতে ইকুৱেষ্ট্ৰিয়ান গোল্ড গ্ল’ৰীত বাস্ক ১৫০০ মিটাৰ সাঁতোৰত ফাইনেললৈ অৱতীৰ্ণ এছিয়ান গেমছত । মঙলবাৰে এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ সৈতে ভাৰতে এছিয়ান গেমছ ২০২৩ ত এক ডাঙৰ প্ৰদৰ্শন আগবঢ়াইছে ।এচিয়ান গেমছ ২০২৩ৰ ছুপাৰ মঙলবাৰত ভাৰতে এতিয়ালৈকে সফল অভিযান অব্যাহত ৰাখিছে।

মঙ্গলবাৰে এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লৈ বতৰ্মানলৈকে ভাৰতৰ পদকৰ সংখ্যা ১৪ টালৈ বৃদ্ধি পাইছে।ভাৰতৰ প্ৰদৰ্শনৰ আটাইতকৈ ইতিবাচক দিশটো আছিল যে এই পদকসমূহ এনে শাখাত লাভ কৰিছে, যি প্ৰতিযোগীত ভাৰতে বিগত সময়ত উন্নত প্ৰদশন আগবঢ়াবলৈ সক্ষম হোৱা নাছিল ।কিন্ত্ত ২০২৩ত চীনত অনুষ্ঠিত এছিয়ান গেমছত সেই প্ৰতিযোগিতা সমূহত ভাৰত আটাইতকৈ শক্তিশালী প্ৰদৰ্শন আগৱঢ়াইছে ।

ভাৰতীয় অশ্বাৰোহী দলটোৱে টিম ড্ৰেছেজ ইভেণ্টত সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছে –তুলনিমূলক ভাৱে ১৯৮২ চনৰ পিছত এই ক্ৰীড়াত দেশৰ প্ৰথমটো সফল বাৰ্তা ।ইয়াৰ পূৰ্বে নেহা ঠাকুৰে গাৰ্লছ ডিংগী – আই এল চি এ ৪ শাখাত ৰূপৰ পদক ঘৰলৈ আনিছিল আৰু ইয়াবাদ আলীয়ে পুৰুষৰ উইণ্ডচাৰ্ফাৰ আৰ এছ:এক্সত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

দিনটোৰ শেষৰ ফালে ৱুছুৰ তাৰকা সূৰ্য্য ভানু প্ৰতাপ সিং আৰু সুৰজ যাদৱে নিজ নিজ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে অন্ততঃ ব্ৰঞ্জৰ পদক লাভৰ নিশ্চয়তা লাভ কৰিব। ইফালে ভাৰতীয় পুৰুষৰ ৪x১০০ মিটাৰ মেডলী ৰিলে দলে ৩:৪০.৮৪ ছেকেণ্ডৰ সময়েৰে ফাইনেলত প্ৰৱেশ কৰে, যিটো ৰাষ্ট্ৰীয় অভিলেখ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments