ওদালগুৰি জিলাৰ মাজবাটত কিছুদিন ধৰি ৰাজহুৱা স্থানত অসুৰক্ষিত অৱস্থাত থকা প্ৰায় ৬ বছৰীয়া এগৰাকী পৰিত্যক্ত শিশুক আজি, ১০ ছেপ্টেম্বৰত, ওদালগুৰি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত উদ্ধাৰ কৰি সুৰক্ষিত আশ্ৰয়ৰ বাবে শিশু গৃহলৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, মাজবাটৰ সাংবাদিক পংকজ কুমাৰে কিছুদিন ধৰি শিশুটিক মাজবাটৰ ৰাজহুৱা স্থানত অকলশৰে আৰু অসহায় অৱস্থাত থকা প্ৰত্যক্ষ কৰিছিল। শিশুটিক এনে অসুৰক্ষিত অৱস্থাত দেখি মানৱীয় দৃষ্টিভংগীৰে তেওঁ কিছুদিন পূৰ্বে শিশুটিক নিজৰ বাসগৃহলৈ লৈ আহে। তেওঁ শিশুটিক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰাৰ লগতে শিশুটিৰ যত্ন আৰু সুৰক্ষাৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।
পিছত বিষয়টো সন্দৰ্ভত শিশু অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি অহা সমাজকৰ্মী ড° মিলন দাসৰ সৈতে আলোচনা কৰে। আলোচনাৰ পিছত শিশুটিক সুৰক্ষা আৰু উপযুক্ত সহায় প্ৰদানৰ উদ্দেশ্যে চাইল্ড হেল্প লাইন ১০৯৮-ত বিষয়টো পঞ্জীয়ন কৰা হয়।
ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ওদালগুৰি জিলা শিশু সুৰক্ষা গোটৰ এটা দলে, শিশু সুৰক্ষা বিষয়া ড° পল্লৱী শৰ্মাৰ নেতৃত্বত মাজবাটলৈ গৈ পংকজ কুমাৰৰ বাসগৃহৰ পৰা শিশুটিক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে ওদালগুৰিলৈ লৈ আহে।
উদ্ধাৰ অভিযানত চাইল্ড হেল্প লাইনৰ হিমাক্ষী ৰাভা আৰু ঋজু্ম্ষিতা বৈশ্যই অংশগ্ৰহণ কৰে। লগতে এই উদ্ধাৰ অভিযানত ড° মিলন দাস আৰু মাই ভাৰত, ওদালগুৰিৰ জিলা যুৱ বিষয়া অভিজিৎ যাদৱে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
শিশুটিক ওদালগুৰিলৈ অনাৰ পিছত প্ৰাথমিক পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰি শিশু গৃহত সুৰক্ষিত আশ্ৰয়ৰ ব্যৱস্থা কৰা হয়। ড° পাল্লৱী শৰ্মাই শিশুটিৰ সুৰক্ষা, যত্ন আৰু প্ৰয়োজনীয় পুনৰ্বাসনমূলক সহায়ৰ বাবে সংশ্লিষ্ট বিভাগে পৰৱৰ্তী সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
সময়মতে শিশুটিক লক্ষ্য কৰি বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰোৱা আৰু শিশুটিৰ প্ৰতি মানৱীয় সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সাংবাদিক পংকজ কুমাৰৰ এই পদক্ষেপক জিলা শিশু সুৰক্ষা গোটে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।
