অসম কেবিনেটৰ আজিৰ বৈঠকত ৰাজ্যৰ উন্নয়ন, স্বাস্থ্যসেৱা, আন্তঃগাঁথনি, উদ্যোগ আৰু জনকল্যাণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কেবিনেটে অহা পাঁচ বছৰত বিভিন্ন মূলধনী আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ৫০,০০০ কোটি টকাৰ বিনিয়োগত অনুমোদন জনোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৬০০ কোটি টকা ব্যয়েৰে প্ৰ’টন বিম থেৰাপী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি গোৱালপাৰাৰ ৰাক্ষসিনীত স্থাপন কৰা হ’ব এটা সৌৰশক্তি প্ৰকল্প। প্ৰকল্পটোৰ বাবে ৫০০ বিঘা মাটি অনুমোদন প্ৰদান কৰে কেবিনেটে। মুঠ ১,০৭৪ বিঘা ভূমি সৌৰ শক্তি উৎপাদনৰ কামত ব্যৱহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে ধেমাজিত স্থাপন কৰা হ’ব এটা দুগ্ধ উৎপাদন কেন্দ্ৰ। ইয়াৰ বাবে কেবিনেটে ১৭ বিঘা মাটি অনুমোদন প্ৰদান কৰিছে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)ৰ বাবে প্ৰট’ন বিম থেৰাপী ক্ৰয়ৰ অনুমোদন প্ৰদান কৰে কেবিনেটে। এই অত্যাধুনিক চিকিৎসা ব্যৱস্থা স্থাপনৰ জৰিয়তে ৰাজহুৱা স্বাস্থ্যখণ্ডত প্ৰট’ন বিম থেৰাপীৰ সুবিধা আগবঢ়োৱা ক্ষেত্ৰত দেশৰ প্ৰথম ৰাজ্য হ’ব অসম। এই প্ৰকল্পৰ বাবে প্ৰায় ৬০০ কোটি টকা ব্যয় হ’ব। মেচিনটো স্থাপন আৰু সম্পূৰ্ণ আন্তঃগাঁথনি গঢ়ি তুলিবলৈ প্ৰায় ৩ বছৰ সময় লাগিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।
ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত দুখনকৈ মহিলা বজাৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। একেদৰে প্ৰতিটো বিধানসভা সমষ্টিতে এটা ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক ৭ বছৰত ৰাজ্য চৰকাৰে ৫০ হাজাৰ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰে নাবাৰ্ডৰ পৰা ৩০ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে। বাকী ২০ হাজাৰ কোটি টকা ৰাজ্য চৰকাৰৰ নিজা কৰৰ পৰা ব্যয় কৰা হ’ব।
জলজীৱন মিছনৰ কাম-কাজ অধিক সুচাৰুৰূপে পৰিচালনা আৰু নিৰীক্ষণ কৰাৰ বাবে পঞ্চায়ত পৰ্যায়ত গ্ৰাম্য জল আৰু অনাময় কমিটী গঠন কৰা হ’ব। এই কমিটীয়ে সংশ্লিষ্ট অঞ্চলত জলজীৱন মিছনৰ কাম-কাজ চোৱা-চিতা কৰিব। জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ আন এক সিদ্ধান্ত অনুসৰি PDS দোকানত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি ১০৫ টকাৰ যৌথ মূল্যত বিতৰণ অব্যাহত থাকিব। এই সিদ্ধান্তৰ ফলত ৭০ লাখৰো অধিক পৰিয়াল উপকৃত হ’ব।
চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। পকীঘৰ নিৰ্মাণৰ বাবে চাহ শ্ৰমিকক ১.৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। চাহ বাগিচাৰ মাটিৰ বজাৰ মূল্য নিৰ্ধাৰণ আৰু ষ্টাম্প শুল্ক তথা পঞ্জীয়ন মাচুল গণনাৰ বাবে প্ৰযোজ্য ‘ৰান টাইম উইণ্ড’ সম্প্ৰসাৰণতো কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ উপৰি ৰাজ্যৰ ১,০০০খন হাইস্কুলক ৭ কোটি টকাকৈ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
লংকাৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰনি চাৰিআলিৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ বাইপাছ অংশকে ধৰি হাৱাইপুৰ ৰে’ল ষ্টেচনৰ ওচৰত ১.১ কিলোমিটাৰ দৈৰ্ঘৰ ৰে’লৱে উৰণ সেতু নিৰ্মাণ হ’ব। এই প্ৰকল্পৰ বাবে ১৫৫ কোটি টকাতকৈ অধিক ব্যয় হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও ১০৯ কোটি টকাৰো অধিক অনুমোদন প্ৰদান কৰিছে কেবিনেট।
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ অধীনত ২,০০০ টকাকৈ লাভ কৰিব। আনহাতে, ৰাজ্যৰ আন জিলাসমূহৰ মহিলাসকলে ১,২০০ টকাকৈ অৰুণোদয়ৰ ধন লাভ কৰিব বুলি কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।উদ্যোগিক বিকাশৰ ক্ষেত্ৰতো কেবিনেটে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ ১,১৭৪ বিঘা অৰ্থাৎ ৩৮৮ একৰ ভূমি উদ্যোগিক সম্পত্তি আৰু ভূমি বেংকৰ উন্নয়নৰ বাবে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগক আবণ্টনৰ অনুমোদন জনাই কেবিনেটে।
অসম বাণিজ্য অনুচ্ছেদ (অনুজ্ঞাপত্র আৰু নিয়ন্ত্ৰণ) (সংশোধন) আদেশ ২০২৬ত কেবিনেটৰ অনুমোদন: ইয়াৰ জৰিয়তে পূৰ্বতে সমগ্ৰ ৰাজ্যত পেট্ৰ’লিয়াম সামগ্রীৰ খুচুৰা বিক্ৰীৰ বাবে খুচুৰা বিক্ৰী অনুজ্ঞাপত্ৰ প্ৰাপ্ত কৰাৰ প্ৰয়োজনীয়তাক নস্যাৎ কৰি পেট্ৰ’লিয়াম সামগ্ৰীৰ বাবে খুচুৰা বিক্ৰী অনুজ্ঞাপত্র বিলুপ্তি হ’ব। অসমৰ উদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ সংশোধনৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ অধীনত পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং প্ৰতিষ্ঠানসমূহক যোগ্য উদ্যোগ হিচাপে অন্তৰ্ভুক্ত কৰি প্ৰযোজ্য বিত্তীয় উদগনি লাভৰ সুযোগ পাব। লগতে ফাৰ্মবক্স বায়’ প্ৰাইভেট লিমিটেডৰ ৩০০ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগৰ বাবেও অনুকূলিত উদগনি অনুমোদন প্ৰদান কৰিছে কেবিনেটে।
