মুক্তিৰ পূৰ্বেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে বিতোপন কাশ্যপৰ পৰিচালনাত নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি ‘আদিশক্তি’য়ে।
আইৰা ম’শ্যন পিকচাৰ্চৰ বেনাৰত নিৰ্মিত এই ছবিখনে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত অনুষ্ঠিত মৰ্যাদাপূৰ্ণ লাছ ভেগাছ ‘ইণ্ডি এৱাৰ্ড’ (Indie Award) অনুষ্ঠানত ‘শ্ৰেষ্ঠ ছবি’ৰ (Best Film) সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজিত এই বিশেষ অনুষ্ঠানটোত নিৰ্বাচিত চুটি আৰু পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ মাজত ‘আদিশক্তি’য়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।
ইয়াৰ উপৰিও লাছ ভেগাছ, নেভাডাত থকা ‘কৰ্প’ৰেট লাছ ভেগাছ – ৱৰ্কস্পেচ নিয়াৰ দ্য ষ্ট্ৰিপ’ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত ছবিসমূহৰ ভিতৰতো ‘আদিশক্তি’য়ে স্থান লাভ কৰিছে।
ইয়াৰ পূৰ্বেও নতুন দিল্লীত অনুষ্ঠিত ‘গ্ল’বেল চিনে কনফ্লুৱেন্স’ত সন্মানীয় ‘জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (JIFF)-ৰ মঞ্চত ছবিখনে একাধিক বঁটা বুটলিবলৈ সক্ষম হৈছিল। উক্ত মহোৎসৱত ছবিখনে ‘শ্ৰেষ্ঠ ছবি’ৰ বিশেষ স্বীকৃতি লাভ কৰাৰ লগতে ছবিখনত কৰা অভিনয়ৰ বাবে ডাঃ আৰ্শীয়া মহন্তই ‘শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী’ আৰু ইন্দ্ৰাণী বৰুৱাই ‘শ্ৰেষ্ঠ মৌলিক কাহিনী’ৰ সন্মানীয় বঁটা অৰ্জন কৰে।
আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ এই উজ্জ্বল সফলতা আৰু বঁটা-বাহনেৰে সমৃদ্ধ হৈ ছবিখনে অহা ৪ ডিচেম্বৰত সমগ্ৰ ৰাজ্যৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব।
