Wednesday, May 6, 2026
Homeৰাজনৈতিকশনিবাৰে পুৱা ১০ বজাত কলকাতাৰ ব্ৰিগেডত পশ্চিমবংগৰ নতুন বিজেপি চৰকাৰৰ শপতগ্ৰহণ

শনিবাৰে পুৱা ১০ বজাত কলকাতাৰ ব্ৰিগেডত পশ্চিমবংগৰ নতুন বিজেপি চৰকাৰৰ শপতগ্ৰহণ

পশ্চিমবংগত পৰিৱৰ্তন হ’ল চৰকাৰ। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে পশ্চিমবংগত শাসনলৈ আহিল বিজেপি। ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই পশ্চিমবংগত নতুন চৰকাৰৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছে বিজেপি। অহা ৯ মে’ শনিবাৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ পবিত্ৰ ক্ষণতেই কলকাতাৰ ব্ৰিগেডত শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰিছে বিজেপিয়ে। শনিবাৰে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। বিজেপিৰ সূত্ৰৰ খবৰ অনুসৰি, শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।

গৃহমন্ত্ৰী অমিত শ্বাহে অহা ৮ মে’ত নিউটাউনৰ কনভেনচন চেণ্টাৰত বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ মন্ত্ৰীসভাৰ নাম নিৰ্ণয় কৰিব। অহা ৮ মে’ত কনভেনচন চেণ্টাৰৰ হল চেভেন অডিটৰিয়ামত বিজেপিৰ নৱনিৰ্বাচিত প্ৰতিনিধিৰ বিষয়ে ঘোষণা কৰা হ’ব। ইয়াৰ পিছত গৃহমন্ত্ৰীয়ে নৱনিৰ্বাচিত মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments