বৰপেটা জিলাৰ চেঙা মুছলমান গাঁৱৰ বিশিষ্ট সমাজসেৱক, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ নদী জৰীপকাৰক বিষয়া তথা এছ এছ ষ্ট্ৰাষ্ট, অসমৰ অধ্যক্ষ ড৹ হাফিজুৰ ৰহমানক প্ৰদান কৰা হৈছে নেবকচৰ ২০২৬ বৰ্ষৰ “মানৱ বন্ধু সন্মান”। বিশ সংখ্যক বাৰ্ষিক নেবকচ নেচনেল এৱাৰ্ড-২০২৬ এইবেলি অনুষ্ঠিত হৈছিল গুৱাহাটীৰ জ্যোতি চিত্ৰবনত। যোৱা ২৪ মে’ত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন বিশিষ্ট লোকক বিভিন্ন শিতানত নেচকচৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়।
এই বঁটা প্ৰদান অনুষ্ঠানতেই নেবকচৰ তৰফৰ পৰা এইবেলি “মানৱ বন্ধু সন্মান” লাভ কৰে চেঙা মুছলমান গাঁৱৰ বিশিষ্ট সমাজসেৱক তথা এছ এছ ষ্ট্ৰাষ্ট, অসমৰ অধ্যক্ষ ড৹ হাফিজুৰ ৰহমানে। জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ হাতেৰে ড৹ হাফিজুৰ ৰহমানে এই বঁটা গ্ৰহণ কৰি সুখ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে ড৹ ৰহমানে। আনহাতে নেবকচে এই বঁটা প্ৰদান কৰাত ড৹ হাফিজুৰ ৰহমানে নেবকচৰ সভাপতি গগনাষ্টম গগৈৰ লগতে বিষয়ববীয়াসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ড৹ হাফিজুৰ ৰহমানে ইতিমধ্যেই সমাজৰ উন্নয়নৰ হকে আৰু ছাত্ৰ- ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে যথেষ্টখিনি কাম কৰিছে।
এছ এছ ষ্ট্ৰাষ্ট, অসমৰ জৰিয়তে ড৹ হাফিজুৰ ৰহমানে কেইবা বছৰ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দনৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক- বৌদ্ধিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। চেঙা মুছলমান গাঁৱৰ বিশিষ্ট সমাজসেৱক তথা সৰবৰহী ব্যক্তি ড৹ হাফিজুৰ ৰহমানক নেবকচে “মানৱ বন্ধু সন্মান” প্ৰদান কৰাত বৃহত্তৰ চেঙা অঞ্চলৰ ৰাইজে নেবকচক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ড৹ হাফিজুৰ ৰহমানক অভিনন্দন জ্ঞাপন কৰে।
ড৹ হাফিজুৰ ৰহমানে নেবকচৰ এই সন্মান লাভ কৰাত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ জামান, চেঙা ঐক্য সন্মিলনৰ সম্পাদক চিন্ময় ডেকা, বিৰিণা গোষ্ঠী-অসমৰ সভাপতি জিয়াউৰ ৰহমান, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি মৌচম আহমেদ, পূব বৰপেটা সাংবাদিক সন্থাৰ সভাপতি তফিকুৰ ৰহমান, ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদ, মাজদিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা আৰবিন চুলতানাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে ড৹ হাফিজুৰ ৰহমানক অভিনন্দন জ্ঞাপন কৰে।
