Friday, May 1, 2026
Homeঅসমজনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ অভিনেতা বিদ্যুৎ বড়োৰ মৃত্যু

জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ অভিনেতা বিদ্যুৎ বড়োৰ মৃত্যু

জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ অভিনেতা তথা জ্যেষ্ঠ প্ৰডাকচন মেনেজাৰ বিদ্যুৎ বড়োৰ দেহাৱসান।জানিব পৰা মতে, বৃক্কজনিত ৰোগত ভুগি থকা অভিনেতাগৰাকীৰ আজি শুকুৰবাৰে মৃত্যু হয়।

বেহাৰবাৰী আউটপ’ষ্ট’ ধাৰাবাহিকৰ চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰাই এই দুঃখবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি সতীৰ্থগৰাকীৰ বিয়োগত দুঃখ প্ৰকাশ কৰে।পল্লৱ পৱন বৰাই আজি খবৰটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে, “আমাৰ ৰেঙনি টিভি পৰিয়ালৰ অভিন্ন সদস্য জ্যেষ্ঠ প্ৰডাকচন মেনেজাৰ বিদ্যুত বড়োয়ে বৃক্ক‌জনীত সমস্যাত কিছু সময়ৰ আগতে এই সংসাৰৰ পৰা বিদায় লয়। এই দুখ জনক বাৰ্তাত আমি প্ৰতি গৰাকী মৰ্মাহত। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো। “বিদায় বিদ্যুত দা… ” ঔম শান্তি।”

উল্লেখযোগ্য যে, জ্যেষ্ঠ প্ৰডাকচন মেনেজাৰ তথা অভিনেতা বিদ্যুৎ বড়োক ‘বেহাৰবাৰী আউটপ’ষ্ট’ ধাৰাবাহিকখনৰ পূৰ্বৰ খণ্ডসমূহত মুকুতা ডেকা চৰিত্ৰটোৰ সৈতে বহুবাৰ দেখা গৈছিল। ধাৰাবাহিখনত এটা ব্যাক্তিগত কাৰ্যালয়ত ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মৰত হৈ থকাৰ সময়ত মুকুতা ডেকাৰ বছৰ ৰূপত দেখা গৈছিল অভিনেতা বিদ্যুৎ বড়োক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments