Friday, May 1, 2026
Homeঅসমচেঙাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এচ এচ ষ্ট্ৰাষ্ট, অসমৰ

চেঙাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এচ এচ ষ্ট্ৰাষ্ট, অসমৰ

বৰপেটা জিলাৰ পূব চেঙা হাইস্কুলত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক শুকুৰবাৰে সম্বৰ্ধনা জনোৱা হয়।

চেঙাস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য প্ৰদীপ দেৱ বায়নে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে এচ এচ ষ্ট্ৰাষ্ট, অসমৰ সম্পাদক ইফতিয়াৰ জাহানে।

ষ্ট্ৰাষ্টৰ মুখ্য ন্যাসৰক্ষী ড৹ হাফিজুৰ ৰহমানে সভাখনত উপস্থিত থাকি শিক্ষা সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৪৮ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ ভিতৰত ১০ গৰাকী ডিষ্টিংচন আৰু ২১ গৰাকী ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী আছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ ভিতৰত ৪ গৰাকী ডিষ্টিংচন আৰু আৰু ৫ গৰাকী ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী আছে।

কৃতি ছাত্ৰ-ছাত্ৰীসকলক গামোচা, মমেন্টো আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

চেঙা, বহৰি, বৰমাৰা, বৰঘোপা, আমৃখোৱা, চিনাদী, ছটলা, মাজদিয়া, গৰেমাৰী, খংৰা, ৰামপুৰৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments