অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান। পাভৈ চাহ বাগিচাত অনুষ্ঠিত কৰা হয়।
উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে কিৰন ওৰাঙে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সদানন্দ তাঁতীয়ে।সভাত উপস্থিত থাকে প্ৰাক্তন আটছা তথা বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস, আটছাৰ সভাপতি জগদীশ বৰাইক, ধীৰাজ তাঁতী,অনন্ত সোনা, বিশ্বনাথ জিলা আটছাৰ সভাপতি মহেশ ছত্ৰী, সম্পাদক নিলোৎপল ৰবিদাস, প্ৰাক্তন অটছা, তৰুণ নাগ, নগেন দাস, পঙ্কজ মহানন্দ, লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উক্ত অনুষ্ঠানত প্ৰায় ৪০০ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।

