গুৱাহাটীৰ ৰাজ্য কঁপাই যোৱা শিহৰণকাৰী দুৰ্ঘটনাত শেষ হৈ গ’ল ৩ যুৱতীৰ জীৱন। দেওবাৰৰ ধলপুৱাই সংঘটিত হোৱা এই দুৰ্ঘটনাত অকালতে মৃত্যুক আঁকোৱালি ল’লে নেহা, পূজা আৰু আকাংক্ষাই।দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল চালক ছামিমে। সোমবাৰে ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ছামিম আহমেদক।
আজি CJM আদালতত হাজিৰ কৰা হয় ছামিম আহমেদক। ছামিমৰ বিৰুদ্ধে আৰক্ষীয়ে থানত 66/2026 নম্বৰত গোচৰ ৰুজু কৰিছে।U/S 281/106(1)/285/324(5)/238(c)/3(5)BNS/ 187MV Act ধাৰা সন্নিৱিষ্ট কৰিছে ছুইফট চালক ছামিমৰ বিৰুদ্ধে।CJMৰ আদালতত হাজিৰ কৰাৰ সময়ত দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছামিম আহমেদে। মুখ খুলি মাত্ৰ এটা শব্দই উচ্চাৰণ কৰিলে ছামিমে। ছামিমে ক’লে ‘‘Accident’। তাৰ পিছে মৌনতা অৱলম্বন কৰে ছামিমে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পিছতে ছামিম আহমেদক ভৰ্তি কৰা হৈছিল মঠঘৰীয়াৰ গেট হাস্পতালত। কিন্তু ৩ বান্ধৱীৰ মৃত্যুৰ পিছতে ৰহস্যজনকভাৱে হাস্পতালৰ পৰা পলায়ন কৰিছিল ছামিমে। দুৰ্ঘটনা সংঘটিত কৰিয়েই প্ৰথমে শ্বিলঙলৈ পলায়ন কৰিছিল ছামিম আহমেদে। শ্বিলঙৰ পৰা শিৱসাগৰত আত্মগোপন কৰিছিল ছামিমে।শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ পলায়ন কৰিছিল ছামিম আহমেদে। কিন্তু ডিব্ৰুগড়ৰ লাহোৱালত আৰক্ষীৰ জালত পৰে ছামিম আহমেদ। ৩ বান্ধৱীৰ মৃত্যুৰ পিছতো কোনো অনুশোচনা নাছিল ছামিমৰ। গ্ৰেপ্তাৰ ভয়ত দাড়ি কাটিছিল ছামিমে। ডিব্ৰুগড়ৰ পৰা অৰুণাচললৈ পলায়নৰ চেষ্টা চলাইছিল ছামিম আহমেদে। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি অগ্ৰিম জামিন নোপোৱালৈ অৰুণাচলত লুকাবলৈ বিচাৰিছিল ছামিমে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে গুৱাহাটীৰ শিহৰকাৰী পথ দুৰ্ঘটনাত বহু গাৰ নোম শিয়ৰি উঠা তথ্য। ট্ৰেফিক DCP জয়ন্ত সাৰথি বৰাই সংবাদমেল যোগে পোহৰলৈ আনিলে গুৱাহাটীৰ ৰাজ্য কঁপাই যোৱা শিহৰণকাৰী দুৰ্ঘটনাৰ বহু তথ্য।
‘‘২৬ এপ্ৰিলত ৪ বাজি ৫ মিনিটমানত সংঘটিত হৈছিল দুৰ্ঘটনাটো। ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰিছিল বাহনখনে। ১১২এ গম পাই ট্ৰেফিক আৰক্ষীক খবৰ দিছিল। স্থানীয় লোকৰ সহযোগত প্ৰথমে গেট হাস্পতাললৈ লৈ যোৱা হৈছিল দুৰ্ঘটনাত পতিত কেইগৰাকীক। তাৰ পিছত GMCHলৈ লৈ যোৱা হৈছিল।’’
‘‘দুৰ্ঘটনাত পতিত বাহনখনৰ ড্ৰাইভাৰৰ AIR BAG অপেন হৈ আছিল। দুগৰাকীৰ ঠাইতে মৃত্যু হৈছিল। আন গৰাকী চিকিৎসকে চিকিৎসাধীন অৱস্থাতে মৃত হৈছিল। আৰক্ষীয়ে তাৰ পিছত পৰিয়ালৰ লগত যোগাযোগ কৰি আইন সম্পৰ্কীয় কাম কাজ কৰি পৰিয়ালক মৃতদেহ গতাই দিছিল।’’ ‘‘ভাৰ্গৱ ডেকা নামৰ এজনক ৰেণ্টত দিয়া হৈছিল গাড়ীখন। গাড়ীখন আকাশ দে নামৰ লোকৰ হাতত আছিল, আকাশ দেয়ে গাড়ীখন ছামিমক দিছিল। ছামিমে গাড়ীৰ মালিকক বেলেগ এখন I Card এখন দিছিল। গাড়ীখনৰ GPS ট্ৰেক কৰি গাড়ীখন মহানগৰীৰ ভিন্ন স্থানত ঘূৰি থকা সম্ভেদ লাভ কৰিছিলোঁ।’’
আৰক্ষীয়ে জনাই যে কেইবাটাও দলত বিভক্ত হৈ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰিছিল। নিশা ১১ বজাৰ পৰা ভঙাগড়ত ৰৈ আছিল বাহনখন। তাৰ পিছত সন্দেহবশত ৰুদ্ৰাক্ষত থকা EXORO বাৰখনত অভিযান চলোৱা হৈছিল। EXORO বাৰখন ভেৰিফাই কৰি চাৰিও গৰাকী তাত থকাৰ তথ্য পাইছিল আৰক্ষীয়ে। এক্স’ৰ’ বাৰৰ CCTVত ধৰা পৰিছিল ৩ যুৱতী আৰু ছামিম।
