Wednesday, April 29, 2026
Homeঅসম১২ ৰ পৰা ১৪ জানুৱাৰীলৈ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত হ'ব আইআইটি ২০২৪ ৰ...

১২ ৰ পৰা ১৪ জানুৱাৰীলৈ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত হ’ব আইআইটি ২০২৪ ৰ বৈশিক সন্মিলন

গুৱাহাটী, ২২ ডিচেম্বৰঃ সমাগত নতুন বৰ্ষৰ ১২ ৰ পৰা ১৪ জানুৱাৰীলৈ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত হ’ব আইআইটি ২০২৪ ৰ বৈশিক সন্মিলন। পেনেল আইটি এলুমিনি এছাচিনছ”এ আয়োজন কৰা বিশ্বস্তৰীয় মান্যতাপ্ৰাপ্ত আইআইটিৰ বৈদেশিক সন্মিলনখনৰ এইবাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে আমেৰিকাত প্ৰতিষ্ঠিত প্ৰবাসী অসমীয়া সিদ্ধাৰ্থ চৌধুৰীয়ে। দিছপুৰ প্ৰেছ ক্লাবত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে বাশ্বিংটনৰ নিবাসী প্ৰবাসী অসমীয়া সিদ্ধাৰ্থ (সিদ) চৌধুৰীয়ে। তেওঁ লগতে কয় যে আইআইটি ২০২৪ ৰ কেন্দ্ৰীয় বিষয় হ’ল “এখন ভাল পৃথিৱীৰ উদ্ভাৱন “।

সন্মিলনখনে আমেৰিকা আৰু ভাৰতৰ লগতে সমগ্র বিশ্বত সহযোগিতা তথা জ্ঞানৰ আদান প্রদানৰ উপৰি উদ্যমিতাক আগবঢ়াই সকলোৰে বাবে এক সুন্দৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত চৰ্চাৰ এক মঞ্চ প্ৰদান কৰিব। মই ২০০৯ – ২০১৪ লৈ “পেন আইআইটি ইউ এছ এ” (PAN IIT USA) এলুমিনী এছ’চিয়েছন বোর্ড ৰ সদস্য আৰু ২০১১-২০২৩ লৈ “পেন আইআইটি ইউ এছ এ “ৰ অধক্ষ্যৰূপে সেৱা আগবঢ়াই আহিছোঁ। সন্মিলনত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ’ব।” অনাগত সময়ৰ অসমৰ জৈৱ্য বৈচিত্ৰ আৰু শিক্ষার্থীসকলৰ বাবে তেওঁ কাম কৰি যাব বুলি সংবাদমেলত মন্তব্য কৰে।

প্ৰয়াত গুণাভিৰাম চৌধুৰী আৰু মাতৃ বিভা চৌধুৰীৰ পুত্ৰ সিদ্ধাৰ্থ চৌধুৰী (সিদ) ৰ জন্ম হয় গুৱাহাটীত। গুৱাহাটীৰ ডন বস্কো হাইস্কুল আৰু কটন কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰি ১৯৯২ চনত আই আই টি (IIT) খড়গপুৰৰ পৰা এৰ’স্পেছ ইঞ্জীনিয়াৰিংত বিটেক (BTech)স্নাতক সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত ১৯৯৪ চনত আমেৰিকাৰ ৱাশ্বিংটন ডিচিত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। আত্মবিশ্বাস আৰু কঠোৰ সাধনাৰ ফলত সিদ্ধাৰ্থ চৌধুৰীয়ে ২০০৮ চনত ক্ৰীডেঞ্চ মেনেজমেণ্ট শ্বলুশ্বন নামৰ এটি কোম্পানী স্থাপন কৰে।

ক্ৰীডেঞ্চ গ্ৰুপ অৱ কোম্পানী একমাত্ৰ অসমীয়াৰ দ্বাৰা প্ৰতিষ্ঠিত আটাইতকৈ ডাঙৰ বৈদেশিক কোম্পানী, য’ত বৰ্তমান হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কাৰ্যনিবাহ কৰি আছে। উল্লেখ্য যে, ক্ৰীডেঞ্চ প্ৰতিষ্ঠান হৈছে ইঞ্জিনীয়াৰিং, স্বাস্থ্য সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিকাশ ফাৰ্ম, আমেৰিকা চৰকাৰক সেৱা প্ৰদান কৰা আটাইতকৈ ডাঙৰ ব্যক্তিগত প্ৰতিষ্ঠান। ক্ৰীডেঞ্চে আমেৰিকাৰ সুৰক্ষা প্ৰণালী আৰু সৈন্যৰ যুদ্ধ বিমানৰ সৈতে জড়িত।

প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় সুৰক্ষা আইটি (IT) প্ৰণালীবোৰক ছাইবাৰ আক্ৰমণৰ পৰা DevSecOps, ক্লাউডীয় প্ৰযুক্তি , ভাৰ্চুৱেল ৰিয়েলীটি আৰু AI/ML (এই/এম.এল) ৰ প্ৰয়োগ কৰি সুৰক্ষা প্ৰদান কৰাৰ লগতে বিশ্বব্যাপী মানবীয় সহায়তা প্ৰদান কৰাৰ উপৰি মহামাৰী, সংক্ৰামক ৰোগ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বৈদেশিক সহায়তাও প্ৰদান কৰি আহিছে। উল্লেখ্য যে এইগৰাকী প্ৰবাসী অসমীয়াই তেওঁৰ কৰ্মৰাজিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে আইআইটিৰ প্ৰাক্তন ছাত্ৰৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। উল্লেখ্য যে, সিদ্ধাৰ্থ চৌধুৰীয়েই হৈছে এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সন্তান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments