পুৱতিনিশা লখিমপুৰ নাওবৈচাত সংঘটিত হয়. নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত। দলহাট তিনিআলিৰ শিঙৰা দলঙৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয়।ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন যাত্ৰীৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি ৰাজপথতে বাগৰি পৰে নৈশ বাছখন। গুৱাহাটীৰ পৰা মাজুলি অভিমুখী আছিল নৈশ বাছখন। লখিমপুৰৰ নাওবৈছাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুওৱা দ্বীপজ্যোতি বৰাৰ ঘৰত এতিয়া শ শ লোকৰ কান্দোন। পিতৃ-মাতৃৰ লগতে মাজুলীৰ শ শ ৰাইজে বিদায় দিলে ‘মইনা’ দ্বীপজ্যোতি বৰাক।
শনিবাৰৰ পুৱাটো যেন পোহাৰদিয়াৰ বাবে ঘোৰ এন্ধাৰৰ। এই পুৱাই কাঢ়ি নিলে পোহাৰদিয়াৰ দীপজ্যোতিক। পুৱতিৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মাজুলীৰ দীপজ্যোতিৰ। নতুন চাকৰিৰ সন্ধানত যোৱা ল’ৰাটোলৈ আশাৰে বাট চাই আছিল এই মানুহজনে। একে আশাতে বন্দী হৈ আছিল পৰিয়ালৰ সকলো। দীপজ্যোতি আহিলেই সুধিব- চাকৰিটোৰ কিমান কি অগ্ৰগতি।কিন্তুসপোন পূৰণ নহ’ল মাজুলীৰ দ্বীপজ্যোতি বৰাৰ।আজিয়েই কম্পিউটাৰ শিক্ষক হিচাপে মাজুলীৰে চৰকাৰী বিদ্যালয়ত যোগ দিয়াৰ কথা আছিল দ্বীপজ্যোতিয়ে।কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস আজি পঞ্চভূতত বিলীন মেধাৱী দ্বীপজ্যোতি।নিযুক্তি পত্ৰ লৈ ঘৰলৈ উভতাৰ পথতে শেষ হৈ গ’ল দ্বীপজ্যোতিৰ জীৱন
নিশা ৯ বজাত শেষ ফোনকলটো কৰাৰ পাছৰ পৰা পুৱা ৫ বজাত কেৱল দীপজ্যোতিৰ ফোনটো বাজিয়েই থাকিল। ফোনটো তুলিবলৈ আৰু নাথাকিল দীপজ্যোতি। নাওবৈচাৰ দ’লহাট তিনিআলিত হঠাৎ প্ৰচণ্ড শব্দ কৰি পথৰ কাষৰ এজোপা গছত খুন্দা মাৰি বাগৰি পৰিল YATRA ট্ৰেভেলছৰ এখন নৈশ বাছ।
শিঙৰা দলঙৰ সমীপত সংঘটিত দুৰ্ঘটনাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হ’ল স্থানীয় লোক। মাজুলীৰ কমলাবাৰী অভিমুখে গৈ থকা নৈশ বাছখনৰ পৰা তেজে তুমৰলি যাত্ৰীক এজন এজনকৈ উলিয়ালে স্থানীয় লোকসকলে। এজন এজনকৈ প্ৰেৰণ কৰা হ’ল লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ।কিন্তু এই দুৰ্ঘটনাই অমানিশা কঢ়িয়াই আনিলে মাজুলীৰ পোহাৰদিয়ালৈ। মাজুলীৰ কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা কম্পিউটাৰ শিক্ষকৰ পদৰ বাবে অনুষ্ঠিত এক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোৱা বৃহস্পতিবাৰে গুৱাহাটীলৈ গৈছিল দীপজ্যোতি বৰা।
কোনোৱে কল্পনাও কৰা নাছিল যে এই যাত্ৰাই দীপজ্যোতিৰ জীৱনৰ শেষ যাত্ৰা হ’ব। পুত্ৰ ক’ত পাইছেহি সেই কথা জানিবলৈ ব্যাকুল হৈ থকা পিতৃয়ে গমেই পোৱা নাছিল যে তেতিয়ালৈ দীপজ্যোতি আৰু এই ধৰাত নাই। এঘণ্টা পূৰ্বেই নিয়তিয়ে কাঢ়ি লৈ গৈছিল তেওঁৰ প্ৰাণ।
