Saturday, June 13, 2026
Homeক্ৰীড়াঅধিনায়কত্বৰ পৰা আঁতৰোৱাৰ পিছত সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

অধিনায়কত্বৰ পৰা আঁতৰোৱাৰ পিছত সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰোৱা হ’ল সূৰ্যক। আয়াৰলেণ্ড, ইংলেণ্ড আৰু এছিয়ান গেমছৰ বাবে শনিবাৰে, ৬ জুনত দল ঘোষণা কৰা হয় ভাৰতীয় দল। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই দল ঘোষণা কৰি জনায় যে এতিয়াৰ পৰা ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিব শ্ৰেয়স আয়াৰে। টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা অপসাৰিত হোৱাৰ পিছত সূৰ্যকুমাৰ যাদৱে সামাজিক মাধ্যমত নিজৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এতিয়ালৈকে ভাৰতৰ টি-২০ দলৰ অধিনায়ক হৈ থকা সূৰ্যকুমাৰ যাদৱ এইবাৰ দলৰ অংশও নহয়। আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে তেওঁক টি-২০ দলৰ পৰা বাদ দিয়া হৈছে। দীঘলীয়া সময় ধৰি তেওঁৰ ফৰ্ম বেয়া। সেইবাবে দলৰ পৰা তেওঁৰ বাদ পৰাটো প্ৰায় নিশ্চিত বুলি ধৰা হৈছিল। বিচিচিআইয়ে একেলগে চাৰিটা দল ঘোষণা কৰে, য’ত সূৰ্যকুমাৰৰ নাম অন্তৰ্ভুক্ত নাছিল। ইয়াৰ লগতে স্পষ্ট কৰি দিয়া হয় যে আগন্তুক সময়ত শ্ৰেয়স আয়াৰেই টি-২০ দলৰ অধিনায়কত্ব কৰিব।

এই ডাঙৰ আঘাতৰ পিছতো সূৰ্যকুমাৰ যাদৱে উদাৰতা দেখুৱাই টীম ইণ্ডিয়াক আগন্তুক ভ্ৰমণসমূহৰ বাবে শুভেচ্ছা জনায়। তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিৰ্বাচিত ভাৰতীয় দলৰ এখন ফটো শ্বেয়াৰ কৰি নিজৰ বাৰ্তা প্ৰদান কৰে। বৈভৱ সূৰ্যবংশী দলত স্থান পোৱাত তেওঁ আনন্দ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments