Sunday, April 26, 2026
Homeঅসমনৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

নৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ডিজিটেল ডেস্ক, ANEWS24x7: কংগ্ৰেছৰ সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে দেশজুৰি আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা ৷ এই যাত্ৰাৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছে নৱেম্বৰ মাহৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা ৷

এই যাত্ৰাৰ অংশ হিচাপে অসমত ধুবুৰীৰ পৰা শদিয়ালৈ পদব্ৰজে যাত্ৰা কৰা হ’ব ৷ শুক্ৰবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা দিগ্ববিজয় সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সদৰি কৰে এই কথা ৷

উল্লেখ্য যে , ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰাত ১২০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে সংগ দিছে ৰাহুল গান্ধীক ৷ এই যাত্ৰা জানুৱাৰী মাহত ৰাজস্থানত অন্ত পৰিব ৷ ৰাজস্থানত ভাৰত জোড়ো যাত্ৰাৰ অন্তৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ ১০০ গৰাকী নেতা কৰ্মী উপস্থিত থাকিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments