Monday, June 1, 2026
Homeঅসম'বাল্যবিবাহৰ স্বীকৃতি নিদিয়াটো UCCৰ লক্ষ্য, ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকী বিয়া পতাতো বাধ্যতামূলক'

‘বাল্যবিবাহৰ স্বীকৃতি নিদিয়াটো UCCৰ লক্ষ্য, ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকী বিয়া পতাতো বাধ্যতামূলক’

সম নাগৰিক সংহিতা গৃহীত হোৱাৰ পূৰ্বে সদনত বিস্ফোৰক ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। UCCৰ বিৰোধিতা কৰা বাবে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কংগ্ৰেছে সকলো জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব নকৰে। কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়কহে প্ৰতিনিধিত্ব কৰে কংগ্ৰেছে। কংগ্ৰেছৰ মুখত কোৰান আৰু শ্বৰীয়তৰ কথা। কংগ্ৰেছৰ মুখত এবাৰো শুনা নগ’ল ভাগৱত, গীতাৰ কথা। কংগ্রেছে নিজকে সাম্প্ৰদায়িক দললৈ পৰিৱৰ্তন কৰিছে।’’ ধৰ্মনিৰপেক্ষ দল হ’বলৈ কংগ্ৰেছক আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দেশৰ গণতন্ত্ৰত কংগ্ৰেছ দলৰো প্ৰয়োজন আছে। সেয়ে দলটোক সংকীৰ্ণ কৰি নুতুলিব। কংগ্ৰেছৰ মঞ্চৰ পৰা সম নাগৰিক সংহিতাৰ দাবী আৰম্ভ হৈছিল। ১৯২৫ৰ কংগ্ৰেছৰ অধিৱেশনত UCCৰ দাবী উত্থাপন হৈছিল। কংগ্ৰেছত থাকোঁতে ভাবিছিলোঁ কংগ্ৰেছৰ আদৰ্শ গান্ধীজী আৰু নেহৰু। আজি যদি কোনো মোল্লাক আদৰ্শ কৰি লৈছে মই নাজানোঁ।’’

‘‘স্বাধীন ভাৰতত গোৱাত প্ৰথম UCCৰ আৰম্ভ হৈছিল। কংগ্ৰেছৰ পৃষ্ঠপোষকতাতে গোৱাত UCC আৰম্ভ হৈছিল। ১৯৫১ চনতে নেহৰুৱে UCCৰ জড়িয়তে সকলোকে এক কৰিছিল। আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই। চৰ্দাৰ বল্লভভাই পেটেলৰ কংগ্ৰেছ আজি নাই। কংগ্ৰেছৰ দায়িত্ব আছিল সংবিধানক প্ৰতিনিধিত্ব কৰা। কিন্তু আজি কংগ্ৰেছে কোৰাণক প্ৰতিনিধিত্ব কৰিছে। সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে কংগ্ৰেছে।’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘‘মুছলিম লীগৰ বিধায়কেও একে কথাই ক’লেহেঁতেন। চীনৰ আক্ৰমণৰ সময়তো নেহৰুৱে UCC প্ৰৱৰ্তনৰ সাহস কৰিছিল। আজি কংগ্ৰেছে সমস্যাৰ দোহাই দি UCCৰ বিৰোধিতা কৰিলে নহ’ব। ‘স্কুল-কলেজো হ’ব, অসমত UCCও প্ৰৱৰ্তন হ’ব। অসমৰ জনজাতীয় সমাজে বহুবিবাহক স্বীকৃতি নিদিয়ে। বহুবিবাহৰ পৰা বহু দূৰত অৱস্থান জনজাতীয় সমাজৰ। জনজাতীয় সমাজৰ সভ্যতাৰ পৃষ্ঠভূমিক আমি সন্মান জনাইছোঁ। জনজাতীয় সমাজত শ্বাহা বানুৰ দৰে মহিলা দেখা নাপাওঁ। জনজাতীয় সমাজত অৱহেলিত, নিষ্পেষিত মহিলা কম। জনজাতীয় সমাজৰ পৰা আমি বহু শিকিবলগীয়া আছে। বেমাৰ য’ত, তাতহে ঔষধ দিয়া হয়। যাৰ কেঞ্চাৰ নাই, তাত কেম’থেৰাপিৰ প্ৰয়োজন নাই।’’

UCC সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সংবিধানৰ অনুচ্ছেদ ৪৪ হ’ল UCCৰ আধাৰ। বাল্যবিবাহৰ স্বীকৃতি নিদিয়াটো UCCৰ লক্ষ্য। ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকী বিয়া পতাতো বাধ্যতামূলক। কংগ্ৰেছ এটা মহান সংস্কৃতিৰ পৰিচায়ক আছিল। মহাত্মা গান্ধীৰ দলক মৌলবাদীৰ দললৈ পৰিৱৰ্তন নকৰিব। এই আইনখনে অসভ্য যুগৰ পৰা সভ্যতালৈ আনিছে। শ্বৰীয়তে নোকোৱা কথা বিৰোধী বিধায়কে কৈছে।’’
তেওঁ কয়, ‘‘UCCৰ আৰম্ভণি হজৰত মহম্মদৰ শিক্ষাৰ পৰা হৈছে। ইছলাম ভাল ধৰ্ম, মৌলবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে। UCC ইছলাম বিৰোধী নহয়। বহুগামিতা সকলো ধৰ্মৰ বাবেই বেয়া। হিন্দুৰ মাজতো আছে বহুগামিতা। UCC নাৰী সমাজৰ সুৰক্ষাৰ কৱচ হ’ব। বহুগামিতাৰ লগতে লাভ জেহাদ UCCৰ অন্তৰ্গত। ধৰ্মীয় ৰীতি-নীতি UCCৰ আওতাত নাথাকিব। কোনে কেনেদৰে বিয়া পাতে সেয়া ব্যক্তি স্বাধীনতা। এগৰাকী পত্নী থাকোঁতে বিয়া কৰালে ৭ বছৰৰ কাৰাদণ্ড। বলপূৰ্বক বিবাহ বাতিল কৰা হ’ব। মৃতকৰ সম্পত্তিৰ ভাগ ল’ৰা-ছোৱালীয়ে সমানে পাব। লিভ-ইন ৰিলেচনশ্বিপক আমি বেয়া বুলি কোৱা নাই। কিন্তু সম্পৰ্কত এটা দায়িত্ব থাকিব লাগিব। লিভ-ইনত থাকিলে পঞ্জীয়ন বাধ্যতামূলক। এমাহৰ ভিতৰত বাধ্যতামূলক পঞ্জীয়ন। লিভ-ইনতো থাকিব নোৱাৰিব বহুগামিতা। লিভ-ইনত থকা ছোৱালীৰ বয়স ২১ বছৰৰ তলৰ হ’ব নোৱাৰিব। ২১ বছৰৰ তলৰ হ’লে পিতৃ-মাতৃক খবৰ দিব আৰক্ষীয়ে। মিছা তথ্য দিলে আৰক্ষীয়ে ল’ব ব্যৱস্থা। কংগ্ৰেছৰ বহু বিধায়কে UCCৰ সমৰ্থন কৰিছে। মাত্ৰ দলৰ বাবে কৰিবলগীয়া হৈছে বিৰোধিতা। গেছৰ দাম কমিব, গেছৰ দাম বাঢ়িব…। কিন্তু এগৰাকী ছোৱালীৰ হেৰোৱা সন্মান ঘূৰাই দিব নোৱাৰি। সেয়ে আজি UCC আইন প্ৰণয়নৰ প্ৰয়োজন আছে।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments