বিশ্বনাথ, ৫জুন:বিশ্বনাথৰ নিচা মুক্তি কেন্দ্ৰৰ পৰা ৩৪ জন যুৱকৰ পলায়ন
নিচা মুক্তি কেন্দ্ৰৰ পৰা এজন-দুজন নহয়, প্ৰায় ৩৪ জন চিকিৎসাধীন যুৱকে দুৱাৰৰ চিটকানি ভাঙি পলায়ন কৰে। ঘটনাক লৈ সমগ্ৰ বিশ্বনাথতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
আজি পুৱা বিশ্বনাথৰ মধুপুৰত অৱস্থিত লাইভ ৱেল নিচা মুক্তি কেন্দ্ৰৰ পৰা প্ৰায় ৩৪ জনতকৈ অধিক যুৱকে কেন্দ্ৰৰ দুৱাৰৰ চিটকানি ভাঙি ওলাই আহি বিশ্বনাথৰ বিভিন্ন স্হানত সোমাই পৰে। পিছত বিশ্বনাথ নগৰৰ বিভিন্ন স্থানৰ পৰা কেইবাজনো যুৱকক উদ্ধাৰ কৰে যদিও বহু যুৱক কলৈ গ’ল সেয়া এতিয়াও নিশ্চিত নহয়।
পলায়ন কৰা যুৱকসকলৰ স্পষ্ট অভিযোগ – নিচা মুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষই তেওঁলোকৰ ওপৰত দিনৰ পিছত দিন শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।
উল্লেখযোগ্য যে দুদিন পূৰ্বে বিশ্বনাথৰ দুখন নিচা মুক্তি কেন্দ্ৰত দুজন যুৱকক অমানৱীয় ভাবে অত্যাচাৰ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
সেই ঘটনাৰ ভিত্তিত সমাজ কল্যাণ বিভাগে বিশ্বনাথ চাৰিআলি সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ‘Live well নিচামুক্তি কেন্দ্ৰৰ আকাশ চাহাক গ্ৰেপ্তাৰ কৰে আৰু আনজন স্বত্বাধিকাৰ এতিয়াও পলাতক হৈ আছে।
স্বত্বাধিকাৰৰ অবৰ্তমানত নিচা মুক্তি কেন্দ্ৰত থকা যুৱকসকলৰ অৱস্থা শোচনীয় হৈ পৰে। যুৱকসকলে অভিযোগ কৰিছে যে তেওঁলোকে পৰ্যাপ্ত আহাৰ আৰু প্ৰয়োজনীয় ঔষধ লাভ কৰা নাছিল।
অসহায় হৈ পৰা যুৱকসকলে শেষত আজি পুৱা কেন্দ্ৰৰ পৰা পলায়নৰ পথ বাছি লয়।বৰ্তমান বিশ্বনাথ আৰক্ষীয়ে উদ্ধাৰ কৰা সকলো যুৱকৰ অভিভাৱকৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। যুৱকসকলক সুৰক্ষিত ভাবে নিজ নিজ ঘৰলৈ ওভতাই পঠোৱাৰ ব্যৱস্থা কৰা হৈছে।
নিচা মুক্তিৰ নামত চলা এই অমানৱীয় কাণ্ড আৰু পৰিচালনাৰ চূড়ান্ত অৱহেলাই বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে।
