Saturday, June 13, 2026
Homeঅসমহিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

অসম চৰকাৰৰ মন্ত্ৰীৰূপে শপত ল’লে ১২গৰাকী বিধায়কে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত বাক্য পাঠ কৰোৱালে ১২গৰাকী মন্ত্ৰীৰ। মন্ত্ৰীৰূপে  শপত ল’লে অশ্বিনী ৰায় সৰকাৰ, বিমল বড়া, অশোক সিংহল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযূষ হাজৰিকা, ডাঃ ৰণোজ পেগু, সুশান্ত বৰগোহাঁয়ে। জ্যোতি-বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হৈছে ১২ মন্ত্ৰীৰ শপতগ্ৰহণ।
১২ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহিতে শপত লৈছিল ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে। মুখ্যমন্ত্ৰীসহ ১৭গৰাকীলৈ বৃদ্ধি পালে কেবিনেট মন্ত্ৰীৰ সংখ্যা।
এইবাৰৰ হিমন্ত বিশ্ব শর্মা মন্ত্ৰীসভাত স্থান পালে ৫গৰাকী নতুন মন্ত্ৰীয়ে। নতুনকৈ মন্ত্ৰীসভাত স্থান পালে ৰামেশ্বৰ তেলী, নীলিমা দেৱী, সুশান্ত বৰগোহাঁই, অশ্বিনী ৰায় সৰকাৰে। আৰু পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰ মন্ত্ৰীসভাত স্থান পালে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments