ডিজিটেল ডেস্ক ANEWS24X7: কোন দিশে দেশৰ ছাত্ৰ সমাজ ৷ পৰীক্ষা বাতিল কৰাৰ বাবে সন্ত্ৰাসবাদীৰ দৰে কাৰ্যকলাপ গ্ৰহণ কৰিবলৈও কৰা নাই কুন্ঠাবোধ ৷ সন্ত্ৰাসবাদীৰ দৰে বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষক ৷ বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ অমৃতসৰত এজন ছাত্ৰ ৷
ঘটনাটো সংঘটিত হৈছে পঞ্জাৱৰ এখন বেচৰকাৰী বিদ্যালয়ত ৷ বিদ্যালয়খনত অংক পৰীক্ষা বাতিল কৰিবৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে ছাত্ৰ-ছাত্ৰী ৷ পৰীক্ষা বন্ধ নকৰিলে বোমাৰে স্কুল ধংস কৰি দিয়াৰ ভাবুকি ৷ মবাইল ফোন যোগে এই ভাবুকি বাৰ্তা পোৱাৰ পিছতে আতংকিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ ৷ বিদ্যালয় কৰ্তৃপক্ষয় সমগ্ৰ ঘটনাৰ খবৰ আৰক্ষীক অৱগত কৰে ৷
খবৰ পোৱাৰ মাত্ৰকে গুৰুত্বৰ সহকাৰে অতি ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে পঞ্জাৱ আৰক্ষীয়ে ৷ ঘটনাৰ বিবৰণ অনুসৰি ১৬ ছেপ্টেম্বৰত বিদ্যালয় খনত অংক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ ইয়াৰ মাজতে এটা মবাইল বাৰ্তা যোগেদি বিদ্যালয় কৰ্তৃপক্ষলৈ ভাবুকি প্ৰদান কৰা হৈছিল ৷ ঘটনাৰ তদন্ত কৰি হতবাক হৈ পৰে আৰক্ষী ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে বিদ্যালয়খনৰ এজন ছাত্ৰই এই ভাবুকি বৰ্তা প্ৰেৰণ কৰিছিল ৷ এই কাণ্ডৰ লগত জৰিত থকা দুজন ছাত্ৰক চিনাক্ত কৰিছে আৰক্ষীয়ে ৷
পাঞ্জাৱ আৰক্ষীৰ চাইবাৰ চেলৰ মতে ছাত্ৰজনে বাৰ্তাটো গুগলত অনুবাদ কৰি উৰ্দু ভাষাত বিদ্যালয়লৈ প্ৰেৰণ কৰিছিল ৷ আৰক্ষীয়ে বাৰ্তাটোৰ আইপি ঠিকনা চিনাক্ত কৰি এইটো নিশ্চিত হৈছে যে , বিদ্যালয়খনৰ এজন ছাত্ৰই দেউতাকৰ মবাইলৰ পৰা এই ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছিল ৷ এই সন্দৰ্ভত পঞ্জাৱ আৰক্ষী উপায়ুক্ত এম এছ ভুল্লাৰে কয় যে , ‘‘এজন ছাত্ৰই তেওঁৰ দেউতাকৰ মবাইল ব্যৱহাৰ কৰি বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছিল ৷ আৰক্ষীয়ে ছাত্ৰজনৰ লগতে আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে ৷’’
উল্লেখ্য যে এসপ্তাহৰ ভিতৰত অমৃতসৰত এইটো দ্বিতীয়টো ঘটনা ৷ ইয়াৰ পূৰ্বে ৭ ছেপ্টেম্বৰত অমৃতসৰৰ আন এখন বিদ্যালয়ত তিনিজন শিক্ষাৰ্থীয়ে মিলি বোমা বিস্ফোৰণৰ আতংক বিয়পাইছিল ৷ সম্প্ৰতি অভিভাৱক আৰু ছাত্ৰ-ছ্ত্ৰী সকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷