Friday, November 8, 2024
Homeৰাজনৈতিকপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সেৱা পষেক পালন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সেৱা পষেক পালন

ডিজিটেল ডেস্ক, ANEWS24x7: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ দেশজুৰি পালন কৰা হৈছে সেৱা পষেক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনটোৰ পৰা বিজেপিয়ে সেৱা পষেক পালন কৰিব ৷

১৭ ছেপ্টেম্বৰৰ ২ অক্টোবৰলৈ পালন কৰিছে সেৱা পষেক। সেৱা পষেক উপলক্ষে ৰক্তদান, বিনামূলীয়া চিকিৎসা শিবিৰ, বৃক্ষৰোপণৰ কাৰ্যসূচীৰ সেৱামূলক কাৰ্য সমূহ সম্পাদন কৰিব ।সেৱা পষেক অনুসৰি ১৭ তাৰিখে ৰক্তদান শিবিৰ , ১৮–১৯ তাৰিখে স্বচ্ছতা অভিযান, ২০–২১ তাৰিখে কোভিড টিকাকৰণ কেন্দ্ৰলৈ যাব কৰ্মকৰ্তাসকল। ২২, ২৩, ২৪ তাৰিখে বিনামূলীয়া স্বাস্থ্য শিবিৰ, ২৫ তাৰিখে “মন কি বাত” অনুষ্ঠানত দীনদয়াল উপাধ্যায়ৰ ওপৰত আলোচনা ৷ ২৫–২৬ত বৃক্ষৰোপণ আৰু ২৭-২৮ তাৰিখে প্ৰদৰ্শনী। ২৯-৩০ ছেপ্টেম্বৰত প্ৰবোধ্য নাগৰিক সন্মিলন, ১ অক্টোবৰত জল সংৰক্ষণৰ ওপৰত কাৰ্যসূচী, ২ অক্টোবৰত গান্ধী জয়ন্তী উদযাপন উপলক্ষে খাদী কেন্দ্ৰত নেতা-মন্ত্ৰী সকলে পৰিদৰ্শন কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত কেক কটা বা মন্দিৰ–নামঘৰত কাৰ্যসূচী অনুষ্ঠিত নকৰি ৰাইজৰ সেৱা কৰাৰ বাবে আহ্বান জনোৱা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments