Monday, July 7, 2025
Homeঅসমখানাপাৰাত বৃহৎ নিযুক্তি সমাৰোহ

খানাপাৰাত বৃহৎ নিযুক্তি সমাৰোহ

ডিজিটেল ডেস্ক, ANEWS24X7: খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ।এই নিযুক্তি সমাৰোহত ৰাজ্যৰ ২১ টা বিভাগৰ মুঠ ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে প্ৰদান কৰা হয় এই নিযুক্তিপত্ৰ।

নিযুক্তি সমাৰোহ গৃহ আৰু ৰাজনৈতিক বিভাগত ৫,৩৩৫গৰাকী প্ৰাৰ্থী, উচ্চ আৰু কাৰিকৰী শিক্ষাত ৯২৭গৰাকী প্ৰাৰ্থী, বিদ্যালয় শিক্ষাত ৩,৮১১গৰাকী প্ৰাৰ্থী, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত এগৰাকী প্ৰাৰ্থী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ২৯৯ গৰাকী, লোক নিৰ্মাণ বিভাগত ৩০৪গৰাকী, পৰ্যটন বিভাগত ৬ গৰাকী, জলসিঞ্চন বিভাগত ১৩৭গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয় ৷

ইয়াৰ উপৰিও পৰিৱেশ আৰু বন বিভাগত ৩৩ গৰাকী, পৰিবহণ বিভাগত ৩ গৰাকী , গৃহ আৰু নগৰ পৰিক্ৰমাত এগৰাকী,মহিলা আৰু শিশু উন্নয়নত ৪ গৰাকী , জলসম্পদ বিভাগৰ ৩ গৰাকী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৪গৰাকী প্ৰাৰ্থী , ক্ৰীড়া আৰু যুৱ কল্যাণত ১৩ গৰাকী , হস্ততাঁত আৰু বস্ত্ৰ শিল্পত ৬ গৰাকী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১ গৰাকী, সমবায় বিভাগত ২ গৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণত ২৪ গৰাকী আৰু তথ্য আৰু জনসংযোগত বিভাগত এজন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।

নিযুক্তি পত্ৰ লাভ কৰা প্ৰাৰ্থী সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে নিবনুৱা সকলৰ সংস্থপনৰ বাবে প্ৰয়োজনত দুঘন্টা নহয় ২০ ঘন্টা পৰ্যন্ত ইন্টাৰনেত বন্ধ কৰা হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments