ডিজিটেল ডেস্ক, ANEWS24X7: মণিপুৰত প্ৰক্তন বিধায়কৰ বাসগৃহৰ সন্মুখত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা ৷ মণিপুৰৰ পশ্চিম ইম্ফল সমষ্টিৰ প্ৰাক্তন বিধায়ক খ’ লোকেন সিঙৰ বাসগৃহৰ সন্মুখত বৃহস্পতিবাৰে সন্ধিয়া এক আইডি বিস্ফোৰণ হয় ৷
ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলিত বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ বিস্ফোৰণটোৰ ফলত প্ৰাক্তন বিধায়ক গৰাকীৰ বাসগৃহৰ চৌহদৰ গেট , এটা ষ্ট্ৰীট লাইট আৰু পথৰ কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে ৷
স্থানীয় লোকৰ ভাষ্য অনুসৰি প্ৰাক্তন বিধায়ক খ’ লোকেন সিঙ বাসগৃহত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পিছতে এই বোমা বিস্ফোৰণৰ ঘটনাটো সংঘটিত হৈছিল৷বৰ্তমানলৈকে কোনো সংগঠনে এই ঘটনাৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই ৷ ঘটনা সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷