Saturday, July 5, 2025
Homeআন্তঃৰাষ্ট্ৰীয়প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বৃহৎ পদক্ষেপ

প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বৃহৎ পদক্ষেপ

ডিজিটেল ডেস্ক, ANEWS24X7:  জৈৱিকভাৱে বৈচিত্ৰ্যপূৰ্ণ অষ্ট্ৰেলিয়াৰ প্ৰকৃতিক ভাৰসাম্য ৰক্ষা কৰা ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ৷ মহাদেশখনৰ ৩০ শতাংশ ভূমি আৰু জলাহয় সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰিছে ৷

এই ভূমি বিলুপ্ত হ’ব ধৰা উদ্ভিদ আৰু জীৱ-জন্তুৰ বাবে সংৰক্ষণ কৰা হৈছে ৷ দেশখনৰ বিপদাপন্ন তালিকাত ১১০ টা প্ৰজাতি আৰু 20 টা স্থানক অগ্ৰাধিকাৰ দিয়া হৈছে ৷

এই সুৰক্ষা পৰিকল্পনাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে ১৪৬ ৰ পৰা ২২৪ নিযুত আমেৰিকান ডলাৰ ব্যয় কৰিব ৷এই পৰিকল্পনাৰ অধীনত ২০৩০ চনৰ ভিতৰত ৩০ শতাংশ ভূমি আৰু পানী সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ পৰিৱেশ মন্ত্ৰী তানিয়া ৱাইলচেকে কয় যে ,‘‘বিপদাপন্ন প্ৰজাতি কাৰ্য পৰিকল্পনা, শূন্য বিলুপ্তিৰ দিশত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।’’

পৃথিৱীৰ আটাইতকৈ জৈৱিকভাৱে বৈচিত্ৰ্যপূৰ্ণ দেশবোৰৰ ভিতৰত অষ্ট্ৰেলিয়া অন্যতম ৷ অষ্ট্ৰেলিয়াত পোৱা বহুতো প্ৰাণী, বিশেষকৈ স্তন্যপায়ী প্ৰাণী পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments